ব্যয় হ’ব ১১বিলিয়ন ডলাৰ

WhatsApp Image 2020 10 10 at 12.46.51 PM

আমেৰিকাত অহা তিনি নবেম্বৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচন বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যয়বহুল নিৰ্বাচন হিচাপে পৰিচিত হ’ব ৷চেন্টাৰ ফ’ৰ ৰেছপনছিভ পলিটিক্সয়ে নিৰ্বাচনী ব্যয়ৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্য অনুসৰি মাৰ্কিন ৰাষ্ট্ৰপতিৰ এইবাৰৰ নিৰ্বাচনত কমেও ১১ বিলিয়ন ডলাৰ অৰ্থাৎ ৭৯ হেজাৰ কোটি টকাৰ ব্যয় হ’ব ।

মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ এই ব্যয় ২০১৯ ত ভাৰতত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ব্যয়ৰ তুলনাত ৫০ শতাংশ অধিক হ’ব। উল্লেখযোগ্য যে ভাৰতৰ লোকসভাৰ বিগত নিৰ্বাচন বিশ্বৰ ভিতৰত সৰ্বাধিক ব্যয়বহুল হিছাপে স্বীকৃত হৈছিল ৷

অপেন ছিক্ৰেট ডট অ’ আৰ জিৰ প্ৰতিবেদনৰ তথ্য মতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে আমেৰিকাত অনুষ্ঠিত হ’ব লগা এইবাৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰচাৰৰ লগতে ভোটগ্ৰহণৰ ক্ষেত্ৰতো যথেষ্ট নতুন ব্যৱস্থা অৱলম্বন কৰিব লগা হৈছে আৰু ইয়াৰ ফলত নিৰ্বাচনৰ ব্যয় পূৰ্বৰ তুলনাত ৫০ শতাংশ অধিক বৃদ্ধিৰ সম্ভাৱনা আছে ৷২০১৬ ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৪৫ হেজাৰ কোটি টকা ব্যয় হৈছিল ।

Exit mobile version