১৬ অক্টোবৰত ঘোষণা কৰা হ’ব NEET পৰীক্ষাৰ ফলাফল

WhatsApp Image 2020 10 12 at 5.32.55 PM

১৬অক্টোবৰত ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ NEET পৰীক্ষাৰ ফলাফল । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তুষাৰ মেহতাই এই কথা সদৰী কৰিছে ৷ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ কাৰণে একাংশ ছাত্ৰই NEET পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা পৰীক্ষাৰ্থীসকলে ১৪ অক্টোবৰত পুনৰ NEET পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷

উল্লেখযোগ্য যে সমগ্ৰ দেশত NEET পৰীক্ষা ৩,৮৪৩ টা কেন্দ্ৰত আয়োজন কৰা হৈছিল । এক বিশেষ সূত্ৰৰ মতে অনুসৰি চলিত বৰ্ষত NEET পৰীক্ষাত ৯০ শতাংশ ছাত্ৰই অন্তৰ্ভুক্ত আছিল । NEET পৰীক্ষাৰ কাৰণে চলিত বৰ্ষত প্ৰায় ১৫.৯৭ লাখ ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্টাৰ কৰিছিল ।

উল্লেখযোগ্য যে NEET পৰীক্ষাৰ ফলাফল চাবলৈ পৰীক্ষাৰ্থীসকলে ntaneet.nic.inত ক্লিক কৰিব লাগিব ৷ ইয়াৰ পাছত ৰিজাল্টত গৈ ক্লিক কৰিব লাগিব ৷ ইয়াৰ পাছত NEETৰ এপ্লিকেচনৰ নম্বৰ, জন্ম তাৰিখ, চিকিউৰিটি পিন দি submit কৰিব লাগিব । ইয়াৰ লগে লগে NEET 2020ৰ ৰিজাল্ট কম্পিউটাৰ স্ক্ৰীনত ওলাব । আৰু পৰীক্ষাৰ্থীসকলে নিজৰ ৰিজাল্ট চাব পাৰিব ৷

Exit mobile version