LTC কেচ ভাউচাৰঃ কেনেকৈ লাভাম্বিত হ’ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল

WhatsApp Image 2020 10 12 at 5.49.08 PM

বিত্ত মন্ত্ৰণালয়ে আজি ঘোষণা কৰা সিদ্ধান্তত চৰকাৰী কৰ্মচাৰীসকলৰ লাভাম্বিত হ’ব ৷ কাৰণ LTCৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বছৰত এবাৰ ভ্ৰমণ কৰিবলৈ সুবিধা লাভ কৰে ৷ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এই সুবিধা চাৰি বছৰৰ কাৰণে উপলব্ধ হয় ।

কিন্তু ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত এইবাৰ সকলো স্তব্ধ হোৱাৰ কাৰণে চৰকাৰে একাংশ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগত LTC ভাউচাৰৰ অন্তৰ্গতত এই প্ৰক্ৰিয়াটো বিনিময় কৰিব বিচাৰিছে ৷ যি সময়ত সমগ্ৰ দেশত কৰ’না মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে  ৷ সেইসময়তে ক্ষতিগ্ৰস্ত কৰা দেশীয় অৰ্থনীতি ব্যৱস্থাত গ্ৰাহকৰ চাহিদা আৰু ব্যয়ৰ ক্ষমতা বৃদ্ধিৰ বাবে বিত্ত মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে কিছু সিদ্ধান্ত ৷

এক প্ৰেছ কনফাৰেন্সৰ জৰিয়তে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বজাৰত গ্ৰাহকৰ ধন দিবৰ বাবে নগদ ভাউচাৰ আঁচনি আৰু বিশেষ মহোৎসৱ অগ্ৰিম আঁচনি ঘোষণা কৰিছে । আনহাতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে, যোগান কিছু পৰিমাণে হ্ৰাস হৈছে যদিও গ্ৰাহকৰ চাহিদাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ।

সীতাৰমনে লগতে কয় যে, ক’ভিড-১৯য়ে দেশৰ অৰ্থনীতিত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে যদিও চৰকাৰে দুখীয়া আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আত্মনিৰ্ভৰ ভাৰত পেকেজত পদক্ষেপ গ্ৰহণ কৰিছে  ৷ ইফালে কেন্দ্ৰীয় কৰ্মচাৰীৰ কাৰণে ৩১ মাৰ্চ লৈকে উৎসৱ এডভান্স আঁচনিৰ জৰিয়তে উৎসৱৰ কাৰণে আগতীয়াকৈ বেতন দিছে ৷ ইয়াত কৰ্মচাৰীসকলক Rupay cardৰ জৰিয়তে ১০,০০০ টকা আগতীয়াকৈ প্ৰদান কৰিব ৷

Exit mobile version