কৰ’নাৰ মহামাৰীৰ মাজতে দুৰ্গোৎসৱৰ প্ৰস্তুতি

PTI16 08 2020000075B

সমাগত শাৰদীয় দুৰ্গোৎসৱ ৷পূজাৰ সময়ত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব ? কাৰণ অনিয়মিত জীৱন যাপন,অসুখ,অখাদ্য আদিয়ে আমাৰ শৰীৰত মাৰাত্মক ক’ভিড১৯ ভাইৰাছ বহন কৰাত সুবিধা দিয়ে ৷

পূজাৰ সময়ত আমি আনন্দ কৰিলেও কিন্তু কৰ’না ভাইৰাছৰ কথা কেতিয়াও পাহৰিব নালাগিব। চিকিৎসকৰ মতে এই সময়ত মন ভাল ৰখা,শৰীৰটোক সুস্থ কৰি ৰখাটো অতিকৈ প্ৰয়োজন ।

চিকিৎসকৰ মতে “এই সময়ত দুশ্চিন্তাৰ পৰা আঁতৰত থাকিব লাগে ৷ঘৰতে সকলো সাৱধানে থাকিব লাগে। কাৰণ ৯৭-৯৮ শতাংশ ক’ভিড ৰোগ সীমিত চিকিৎসাতেই সুস্থ হয়। গতিকে সকলো সাৱধানে থকা উচিত৷”

শৰীৰ চৰ্চা কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। দিনটোত এবাৰ হ’লেও শাৰীৰিক ব্যায়াম কৰাটো প্ৰয়োজন।

পূজা মানেই আনন্দ৷ গতিকে আনন্দ কৰোতেও সাৱধান হোৱাটো প্ৰয়োজন ৷

প্ৰতি দিনে প্ৰায় ৪০ মিনিট সময় ব্যায়াম কৰাটো প্ৰয়োজন।

প্ৰাণায়াম কৰিব পাৰে ৷প্ৰাণায়ামে মন শান্ত কৰি ৰাখে ।

সুৰাপানৰ লগতে ধুম্ৰপানৰ পৰা বিৰত থাকক ।

প্ৰ’টিন সমৃদ্ধ আহাৰ গ্ৰহণ কৰক। যেনে,মাছ,কণী,শাক ভাজি ,মাংস আদি ৷

মানসিক চাপ হ্ৰাস কৰক ৷মছলাযুক্ত আহাৰ কমাই খাওক।

গতিকে এই সকলোবোৰ কথা মনত ৰাখি শাৰদীয় দুৰ্গোৎসৱ আনন্দ মনেৰে পালন কৰক ।

Exit mobile version