ন বছৰীয়া আয়ুসে কাগজ -থাৰ্মকলৰে সাজি উলিয়ালে দুৰ্গা প্ৰতিমা

WhatsApp Image 2020 10 13 at 8.05.25 PM

কৰ’না কালত অনলাইন ক্লাছ তথা কাৰ্টুনৰ পৃথিৱীত নিজকে বিলীন কৰি দিছে শিশুসকলে ।একাংশই আকৌ সমগ্ৰ দিনটোৱে ব্যস্ত হৈ আছে স্মাৰ্টফোনত।কিন্তু কণ কণ সকলৰো মাজত আছে বহু ব্যতিক্ৰম।

ADVERTISEMENT

কলকাতাৰ বাগবাজাৰৰ আয়ুস নন্দী নামৰ ছাত্ৰজনে ব্যস্ত হৈ পৰিছে শিল্প সৃষ্টিত।আয়ুসে চিফন সূতা ,কাগজ ,আঠা, কিছু শিলগুটি ,থাৰ্মকল আদি ব্যৱহাৰ কৰি দূর্গাৰ অপৰূপ প্ৰতিমা গঢ়ি তুলিছে ।মাত্ৰ ন বছৰ বয়সৰ আয়ুসে পিতৃৰ পৰাই অনুপ্ৰাণিত হৈ দুৰ্গা প্ৰতিমাৰ বাস্তৱ ৰূপ দিয়ে ।

সৰুৰে পৰাই মাটিৰ মূৰ্তি আৰু কাগজৰে বিভিন্ন শিল্প সৃষ্টি কৰি আহিছে কণমানিটোৱে।কিছুদিন পূৰ্বে কণমানিটোৱে প্ৰতিমা সৃষ্টি কৰাৰ মনৰ ইচ্ছা কথা পিতৃক ব্যক্ত কৰে আৰু প্ৰতিমা সৃষ্টিৰআৱশ্যকীয় সামগ্ৰী সমূহো আনি দিবলৈ খাটনি ধৰে ।

সকলো সামগ্ৰী লাভ কৰাৰ পাছত কেইদিনমানৰ ভিতৰতে আয়ুসে সাজি উলিয়ায় দুৰ্গা প্ৰতিমাটো।পুত্ৰই বনোৱা প্ৰতিমা দেখি মন্ত্ৰমুগ্ধ হৈ পৰে পিতৃ ।পাছত প্ৰতিমাৰ এক ভিডিঅ’ প্ৰস্তুত কৰি ফেচবুকত প’ষ্ট কৰে ।

আয়ুসৰ এই দুৰ্গা প্ৰতিমাটো ফেচবুকত দেখিবলৈ পায় ৰাজপুৰ কালীতলাৰ বাসিন্দা তমাল পাহাড়িয়ে।তেওঁৰ উদ্যোগতে আমজাদ হাবিব ব্ৰেণ্ডৰ ফেঞ্চাইজিৰ চেলুনত আয়ুসৰ প্ৰতিমাটো ৰখাৰ সিদ্ধান্ত লোৱা হয় ।

Exit mobile version