জনজাতিকৰণ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিলেহে বিজেপিক সমৰ্থন জনাব

WhatsApp Image 2020 10 14 at 7.14.44 PM 1

বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদ মেলত আক্ৰাছুৰ মুখ‍্য উপদেষ্টা প্ৰদীপ ৰায়ে জনায় যে আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ সম্পূৰ্ণৰূপে গঠন কৰিলেহে বিজেপি দলক সমৰ্থন জনাব । তেওঁ লগতে কয় যে কমতাপুৰত আক্ৰাছুয়ে গঠন কৰিব ৰাজনৈতিক দল ।

আনহাতে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত আক্ৰাছু তথা প্ৰাক্তন আক্ৰাছু আৰু সংগ্ৰামী সকলক লৈ পৰিষদ গঠনৰ লগতে ৰাজনৈতিক দল গঠন কৰাৰ কথাও জনায় আক্ৰাছুৰ মুখ‍্য উপদেষ্টা প্ৰদীপ ৰায়ে। সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণৰায়ে কয় যে দীৰ্ঘ দিনৰ পৰাই কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ পুনৰ গঠনক লৈ আন্দোলন চলাইছিল আক্ৰাছুয়ে ।

শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰে আক্ৰাছুৰ দীৰ্ঘদিনীয়া আন্দোলনক স্বীকৃতি প্ৰদান কৰি কোচ ৰাজবংশী সকলৰ সমস্যা সমাধানৰ বাবে প্ৰস্তুতি গ্ৰহন কৰিছে সেয়ে আক্ৰাছুৰ তৰফৰ পৰা চৰকাৰক ধন্যবাদ জনায় । আনহাতে, মঙলবাৰে অনুষ্ঠিত আক্ৰাছু আৰু ইয়াৰ সহযোগী সংগঠন সমূহৰ বৰ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় ।

উক্ত সভাত আক্ৰাছু, চিলাৰায় সেনা আৰু মহিলা সমিতিয়ে বিজেপি দল তথা চৰকাৰক ধন্যবাদ জনায় । কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত কোচ ৰাজবংশী অধ্যুষিত গাঁও আৰু চহৰ সমূহ অন্তৰ্ভূক্ত কৰি প্ৰতি বছৰে ৫০০ কোটি টকাৰ পুজি আৱন্টনৰ দাবী জনায় । যোৱা ৯ অক্টোবৰত গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কোচ ৰাজবংশী সকলৰ বিভিন্ন দল সংগঠন আৰু পাঁচজনীয়া মন্ত্ৰী গোটৰ মাজত কোচ ৰাজবংশী সকলৰ জনজাতীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।

উক্ত সভাত মন্ত্ৰী গোটৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাই তিনিটা প্ৰস্তাৱ আগবঢ়াইছিল । সেই অনুসৰি অবিভক্ত গোৱালপাৰা জিলা( গোৱালপাৰা, ধুবুৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা জিলা)ৰ কোচ ৰাজবংশী সকল যিহেতু অতি পিচপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল সেয়ে ভৈয়াম জনজাতিৰ সাংবিধানিক মৰ্যদা দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে চৰকাৰে । এই বিষয়ত আক্ৰাছুয়ে আদৰণি জনায় ।

ইয়াৰ বাহিৰেও বিটিআৰৰ অন্তৰ্গত দুখন জিলা ক্ৰমে বাক্সা আৰু ওদালগুৰি জিলাৰ কোচ ৰাজবংশী সকলকো ভৈয়াম জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী জনায় । ইয়াৰ বাহিৰত থকা কোচ ৰাজবংশী সকলক জনজাতি প্ৰদান কৰি ফেৰ মাৰিব পৰাকৈ ভূমি, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সামাজিক অধিকাৰ সমূহ সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় । আন এটা প্ৰস্তাব মৰ্মে অসম ভিত্তিত কোচ ৰাজবংশী উন্নয়ন পৰিষদ খন বৰ্তমান অসম চৰকাৰে ৪০/৪৫ জনীয়া সদস্যৰে নতুনকৈ উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত চৰকাৰক ধন্যবাদ জনায় ।

উক্ত পৰিষদত অধিক পুঁজি প্ৰদান কৰি আক্ৰাছুৰ দ্বাৰা গঠন কৰাৰ বাবে দাবী জনায় আক্ৰাছুয়ে । সংবাদ মেলত আক্ৰাছু সাধাৰণ সম্পাদক গোকুল বৰ্মনে  জনায় যে কম সময়ৰ ভিতৰতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ আৰু উন্নয়ন পৰিষদৰ বিষয় লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব ।

সংবাদমেলত আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদিপ ৰায়, সভাপতি অৰুণ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মন, মহিলা সমিতিৰ সভানেত্ৰী পুৰবি সৰকাৰ সহ চিলাৰায় সেনাৰ নেতৃত্বও উপস্থিত থাকে ।

Exit mobile version