আছু আৰু জাতীয়তাবাদক এচামে নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামিছে : অতুল বৰা

WhatsApp Image 2020 10 12 at 8.23.15 PM

যোৰহাটত ওপৰ দেউৰীত অগপৰ ৩৬ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস

অসমত আঞ্চলিকতাবাদ তথা জাতীয়তাবাদৰ ভেঁটি সুদৃঢ় কৰাত সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা উল্লেখনীয় । কিন্তু আছুকে এতিয়া এচামে নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত নামি পৰিছে । কেৱল আছুকে নহয়, আঞ্চলিকতাবাদ তথা জাতীয়তাবাদৰ অন্যতম ধ্বজাবাহী অসম গণ পৰিষদ তেওঁলোকৰ লক্ষ্য হৈ পৰিছে । কাৰো নাম উল্লেখ নকৰাকৈ যোৰহাটৰ ওপৰ দেউৰী ৰংগমঞ্চত আজি অনুষ্ঠিত অগপৰ ৩৬ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত এই মন্তব্য কৰে দলটোৰ সভাপতি অতুল বৰাই ।

আছুৱে প্ৰতিষ্ঠা কালৰে পৰা ৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল যদিও শেহতীয়াকৈ আছুৰ মঞ্চত ৰাজনৈতিক দল গঠনেৰে সেই গৌৰৱময় ইতিহাসত চেকা লগালে বুলি মন্তব্য কৰি আছুৰ বৰ্তমানৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰে অগপৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই ।

তেঁও লগতে কয় যে, এয়া এক গভীৰ ষড়যন্ত্ৰ । আছুক বদনামী কৰাই তেওঁলোকৰ লক্ষ্য । তেতিয়াহে ছাত্র সংগঠনটোৰ লগতে আঞ্চলিকতাবাদ তথা জাতীয়তাবাদৰ ভেঁটি দুৰ্বল হৈ পৰিব । আছুৰ মঞ্চত ৰাজনৈতিক দল গঠন এই ষড়যন্ত্ৰৰে অংশ বুলি মন্তব্য কৰি বৰাই কয় যে অসম জাতীয় পৰিষদ এটা ডুপ্লিকেট নাম। আনকি তেওঁ নতুন ৰাজনৈতিক দলটোক ‘সুৰেখা’ চিঞাঁহীৰ লগত তুলনা কৰে । আনহাতে, অসম গণ পৰিষদৰ লগত সাদৃশ্য ৰাখি তেওঁলোকে লাভ খাব বিচাৰিছে বুলি কটাক্ষ কৰি কয় যে, আমি স্কুলত পঢ়ি থকা সময়ত ‘সুলেখা’ নামৰ এটা জনপ্ৰিয় চিঞাঁহী আছিল । ‘সুলেখা’ চিঞাঁহীৰ জনপ্ৰিয়তা দেখি এটা এটা ‘সুলেখা’ৰ লগত সাদৃশ্য ৰাখি ‘সুৰেখা’ নামৰ এটা ডুপ্লিকেট চিঞাঁহী উলিয়ায়। নতুন ৰাজনৈতিক দলৰ নামৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য বুলি তীক্ষ্ণ বাক্য প্ৰয়োগ কৰে ।

ইপিনে সভাত উপস্থিত থাকি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে প্ৰগতিশীল জাতীয়তাবাদেৰে বৃহত্তৰ অসমীয়া জাতি গঠনৰ মহামন্ত্ৰেৰে অনাগত দিনত আৰু অধিক শক্তিশালীভাৱে অসমৰ জনতাৰ হাতত হাত ধৰি আগুৱাই যোৱাৰ পণ লৈছে অগপই । সেই কথা অগপৰ শেহতীয়াস্থিতিয়ে প্ৰতিপন্ন কৰা বুলি কয় মহন্তই ।

সভাত ৰাজ্য সভাৰ সাংসদ তথা অগপৰ অন্যতম সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, দলত নতুনকৈ যোগদান কৰা জনপ্রিয় সংগীত শিল্পী কল্পনা পাটোৱাৰীয়েও ভাষণ আগবঢ়ায় । অগপৰ শিল্পী কোষৰ দায়িত্বত থকা কল্পনা পাটোৱাৰীয়ে বিভিন্ন ভাষাত কে’বাটাও গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিয়ে ।

উল্লেখযোগ্য দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ওপৰ দেউৰিত অনুষ্ঠিত এই ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন সভাপতি অতুল বৰাই কৰাৰ লগতে শ্বহীদ তৰ্পণ কৰে শ্বহীদ প্ৰবীণ ভট্টাচাৰ্যৰ জ্যেষ্ঠ ভাতৃ বলীন ভট্টাচাৰ্যই । ইপিনে সতীৰ্থ সন্মিলনত বিভিন্ন জিলাৰ এসময়ৰ ছাত্ৰ নেতা, অগপৰ কৰ্মকর্তা, নেতা-কৰ্মী সকলে অংশগ্ৰহণ কৰে ।

Exit mobile version