গোবৰৰ চিপ -এ আৰোগ্য কৰিব সৰ্বৰোগৰ,দাবী কেন্দ্ৰীয় সংস্থাৰ

2020 10 13 1 1602591915

গোবৰৰ দ্বাৰা তৈয়াৰী চিপে ৰোধ কৰিব মোবাইলৰ বিকিৰণ। ইয়াৰ লগতে এই বিশেষ চিপৰ সাহায্যত মানুহে বিভিন্ন ৰোগ ব্যাধিৰ পৰাও নিৰাপদে থাকিব পাৰিব।এই দাবী কৰিলে ৰাষ্ট্ৰীয় কামধেনু আৰোগ্যৰ অধ্যক্ষ বল্লভভাই কাঠেৰিয়াই ।

উল্লেখযোগ্য যে কালি অধ্যক্ষ কাঠেৰিয়াই দেশজুৰি কামধেনু দীপাৱলী অভিযান ৰ সূচনা কৰে ৷তেওঁ গোবৰৰ দ্বাৰা তৈয়াৰী সেই চিপটোও প্ৰদৰ্শন কৰে ৷এই সন্দৰ্ভত কাঠেৰিয়াই কয় “গোবৰে সকলোকে ৰক্ষা কৰিব ।কাৰণ ই হৈছে বিকিৰণ প্ৰতিৰোধকাৰী ৷

এয়া বৈজ্ঞানিকভাৱেও প্ৰমাণিত হৈছে ৷সেই চিপ প্ৰদৰ্শন কৰি তেওঁ দাবী কৰে ,” এই চিপটো বিকিৰণ ৰোধ কৰাৰ বাবে ম’বাইলত ব্যৱহাৰ কৰিব পৰা যাব ৷ই ৰোগৰ ব্যাধিৰ পৰা মানুহক নিৰাপদে ৰাখিব ।

গোবৰৰ পৰা তৈয়াৰ কৰা এই বিশেষ চিপৰ নাম ৰখা হৈছে গৌসত্ত্ব কবচ ৷ ৰাজকোটৰ শ্ৰীজি গোশালত এই চিপ তৈয়াৰ কৰা হৈছে। ২০১৯ ত জো সম্পদৰ সংৰক্ষণ,উন্নয়নৰ প্ৰতি দৃষ্টি ৰাখিয়েই এই গোশালা নিৰ্মাণ কৰা হৈছিল।

কেন্দ্ৰীয় মৎসপালন,পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰণালয়ৰ আওতাত আছে আৰকেএ ৷গোবৰৰ পৰা তৈয়াৰ কৰা নানা ধৰণৰ পণ্যক লৈ ইতিমধ্যে এই আয়োগে দেশজুৰি প্ৰচাৰ আৰম্ভ কৰিছে।

গোবৰৰ পৰা প্ৰস্তুত কৰা চিপৰ বিশেষ গুণ দাঙি ধৰাৰ সমান্তৰালকৈ কাঠেৰিয়াই আগন্তুক দীপাৱলীত চীনা সামগ্ৰী বৰ্জনৰো আহ্বান জনায় ।কাঠেৰিয়াই কয় যে কামধেনু আৰোগ্যৰ এই প্ৰচাৰ অভিযানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীৰ “আত্মনিৰ্ভৰ ভাৰত”ৰ ধাৰণাক দাঙি ধৰিছে।

Exit mobile version