চি এন এনৰ সমীক্ষাত জনপ্রিয়তাত প্রতিদ্বন্দ্বী বাইডেনতকৈ ১৬ পইন্ট পিছুৱাই আছে ট্রাম্প

WhatsApp Image 2020 10 14 at 2.03.51 PM

অহা তিনি নৱেম্বৰত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হ’ব । এই নির্বাচনত দ্বিতীয়বাৰৰ বাবে ৰিপাব্লিকান প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰা ডনাল্ড ট্রাম্প ডেমক্রেট প্রার্থী । জ’ বাইডেনৰ তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হােৱাৰ যথেষ্ট সম্ভাৱনা আছে। ৰাষ্ট্রপতি নির্বাচনলৈ মাজত মাত্র ২২ দিন আছে যদিও ট্রাম্প বিজয়ৰ সম্ভাৱনা এতিয়াও ধুঁৱলী-কুঁৱলী হৈ আছে ।

শেহতীয়া নির্বাচনী সমীক্ষা অনুসৰি কৰনাত আক্রান্ত হােৱাৰ পাছতাে ৰাষ্ট্রপতি নির্বাচনত ট্রাম্পে সহানুভূতিৰ ভােট লাভ কৰাৰ সম্ভাৱনা সীমিত। চি এন এনৰ শেহতীয়া সমীক্ষাৰ তথ্য অনুসৰি জনপ্রিয়তাৰ ক্ষেত্ৰত ট্রাম্প এতিয়াও প্রতিদ্বন্দ্বী বাইডেনতকৈ ১৬ পইন্ট পিছুৱাই আছে ।

চি এন এনৰ এই সমীক্ষাত লগতে প্রকাশ যে এতিয়ালৈকে চলােৱা সমীক্ষাৰ ভিতৰত অন্তিমটো সমীক্ষাত ট্রাম্প জনপ্রিয়তা সর্বনিম্ন লাভ কৰা হৈছে । ট্রাম্প ক’ভিড-১৯ত সংক্রমিত হােৱাৰ পাছত এই সমীক্ষাটো চলােৱা হৈছিল ।

চি এন এনৰ সমীক্ষাত অংশ লােৱা ৬৩ শতাংশ মার্কিন নাগৰিকে মতপ্রকাশ কৰা মতে ৰাষ্ট্রপতি হিচাপে ট্রাম্পে ক’ভিড-১৯ৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্ৰত সম্পূর্ণ দায়িত্বজ্ঞানহীন আচৰণ প্ৰদৰ্শন কৰিছে। কৰ’না প্ৰতিৰােধত ট্রাম্প সম্পূর্ণ বিফল বুলিও এইসকল ভােটদাতাই সমীক্ষাটোত মত ব্যক্ত কৰিছে ।

Exit mobile version