দুখন মুখ থকা হাংগৰ

Screenshot 12

মহাৰাষ্ট্ৰৰ পালঘৰৰ সমুদ্ৰ উপকূলত এক বিৰল প্ৰকৃতিৰ হাংগৰক দেখিবলৈ পোৱা গৈছে । দুখন মুখ থকা হাংগৰটো এজন মাছমৰীয়াৰ জালত আবদ্ধ হৈছে । বিৰল প্ৰকৃতিৰ হাংগৰটোৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ সমান্তৰালভাৱে স্থানীয় মৎস্যজীৱী তথা অন্যান্য বাসিন্দাসকলে হাংগৰটোক লৈ হতবাক হৈ পৰিছে ।

পালঘৰ জিলাৰ সতপতি গাঁৱৰ মাছমৰীয়া নীতিন পাটিলে মাছ মাৰি ঘৰলৈ উভতাৰ সময়ত নিজৰ জালখনত এটি অদ্ভুত ধৰণৰ মাছ আবদ্ধ হৈ থকা চকুত পৰে । হাতত লৈ দেখে এটি প্ৰায় ছয় ইঞ্চিৰ দুখন মুখ থকা সৰু হাংগৰ । ঘটনাটো বুজি উঠাৰ লগে লগে নীতিনে হাংগৰটোৰ বহুকেইখন ছবি তোলাৰ লগতে এটি ভিডিঅ’ কৰি ৰাখে ।

অৱশ্যে হাংগৰটো পুনৰ পানীত এৰি দিয়ে । হাংগৰটোৰ ছবি আৰু ভিডিঅ’ পৰৱৰ্তী সময়ত মুম্বাইৰ ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰ ৰিছাৰ্ছ আৰু চেন্ট্ৰেল মেৰিন ফিচাৰিজ ৰিছাৰ্ছ ইনষ্টিটিউট গৱেষকসকলকো দেখুওৱা হয় ।

গৱেষকসকলৰ মতে সাধাৰণতে দুখন মুখ থকা হাংগৰ দেখিবলৈ পোৱা নাযায় ।তদুপৰি ভাৰতৰ সমুদ্ৰ উপকূলত এনে অদ্ভুত ধৰণৰ প্ৰাণীৰ সন্ধান লাভ কৰাটো অতিকৈ বিৰল ।

Exit mobile version