নিৰ্যাতিতা ধনী পৰিয়ালৰ হোৱা হ’লে এইদৰে দাহ কৰিলেহেঁতেন নে?আৰক্ষীক প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ

mkjttfk8 hathras funeral

উত্তৰ প্ৰদেশৰ হাথৰছৰ দলবদ্ধ ধৰ্ষণ হত্যাকাণ্ডৰ পীড়িতাৰ মৃতদেহ মাজনিশা আৰক্ষীয়ে পৰিয়ালৰ সদস্যৰ অনুপস্থিতত দাহ কৰাৰ ঘটনা সন্দৰ্ভত শ্ৰেণী বৈষম্যৰ প্ৰশ্ন উত্থাপন কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

দৰিদ্ৰ দলিত পৰিয়ালৰ সদস্য হোৱা হেতুকে পীড়িতাৰ শেষকৃত্য এইদৰে আৰক্ষীয়ে সম্পন্ন কৰিলে নেকি বুলি উচ্চ ন্যায়ালয়ে লক্ষ্ণৌ বিচাৰপীঠক প্ৰশ্ন কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে আৰক্ষীক প্ৰশ্ন কৰি কয়” নিৰ্যাতিতা যদি ধনী৷পৰিয়ালৰ কন্যা হ’লহেঁতেন তেন্তে এইদৰে মাজনিশা তেওঁক দাহ কৰিলেহেঁতেন নে?

উল্লেখযোগ্য যে হাথৰছৰ পীড়িতাৰ মৃতদেহটো আৰক্ষীয়ে নিশা আঢ়ৈ বজাত বলপূৰ্বক সৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷যোৱা পহিলা অক্টোবৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰজু কৰিছিল আৰু এই গোচৰৰ শুনানিত আৰক্ষীৰ লগতে জিলা দণ্ডাধীশ প্ৰবীণ কুমাৰকো আদালতে চমন দিছিল৷

শুনানি কালত উচ্চ ন্যায়ালয়ে কয় যে আৰক্ষী প্ৰশাসনে পীড়িত যুৱতীগৰাকীৰ মৃতদেহ যি ধৰণৰে দাহ কৰিলে ইয়াৰ দ্বাৰা পীড়িতাৰ পৰিয়ালৰ মানৱধিকাৰ খৰ্ব কৰা হ’ল। মৃতদেহৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰাৰ অভিযোগত উচ্চ ন্যায়ালয়ে আৰক্ষী প্ৰশাসনক ভৎসনাও কৰে ।

Exit mobile version