অসমীয়া ছবিৰ কাৰণে সুখবৰ

b58e0b45 db09 4121 a1c1 19146c53dad5

অসমবাসীৰ বাবে এটা সুখবৰ ৷কাৰণ “২৬ তম কলিকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ কাৰণে নিৰ্বাচিত হৈছে “বেলকনিত ভগৱান” নামৰ ছবিখন ৷

বেলকনিত ভগৱান ছবিখন পৰিচালনা কৰিছে বহুকেইখন হিন্দী আৰু অসমীয়া চলচ্চিত্ৰৰ পৰিচালক বিশ্বজিত বৰাই ।আৰু প্ৰযোজনা কৰিছে জেতুকা পাতৰ দৰে কথাছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক নুৰুল চুলতানে ৷

আনহাতে চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ Bittersweet,Avijatrik,Water Burial,Aquarium,Laila aur Sattgeet ৰ দৰে ছবিসমূহৰ লগত স্থান পাইছে “বেলকনিত ভগৱানে” ।

ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে হৰিচ খান্না,অৰুণ হাজৰিকা,ৰাজীৱ ক্ৰ’,প্ৰানামি বৰা,পৰিনান্ধি জিমা চুলতানা,পবিত্ৰ বৰুৱা,যতীন খনিকৰ,শোনিত বৰা আৰু ইভা মহন্তই ৷বিশেষ চৰিত্ৰত ৰাজদ্বীপ বাইলুঙ বৰুৱা,জ্যেষ্ঠ অভিনেতা দীনেশ দাস,অভিবক্তা বিজন মহাজন আৰু কৃষি মন্ত্ৰী অতুল বৰাই।

Exit mobile version