শিৱসাগৰ জিলাৰ দিখৌমুখ গোৱাল গাঁৱৰ জীয়ৰী আৰু সাপেখাটীৰ বোৱাৰী পূর্ণিমা শইকীয়াৰ জীৱনগাথা একেবাৰে সাধাৰণ নহয়। ই কেৱল সফলতাৰ কাহিনী নহয়- ই হৈছে দুখ, যন্ত্রণা, অপমান আৰু অসংখ্য নিদ্রাহীন ৰাতিৰ মাজেৰে গঢ় লৈ উঠা এক অদম্য শক্তিৰ কাহিনী। বিবাহৰ পাছত সাধাৰণ সপোনবোৰ লৈয়ে আৰম্ভ হৈছিল পূৰ্ণিমাৰ সংসাৰ জীৱন।
কিন্তু ভাগ্যই যেন তেওঁলোকৰ বাবে আন এক পথ ঠিক কৰি ৰাখিছিল। বিয়াৰ কিছু বছৰৰ পাছত তেওঁলোকৰ জীৱনলৈ আহিল এগৰাকী কন্যা সন্তান, যি গৰাকী সন্তান বিশেষভাবে সক্ষম। সন্তানৰ আগমনে আনন্দ আনিলেও, তাৰ স’তে আহিল এক অবিৰাম দায়িত্ব আৰু মানসিক চাপ। দিনে-ৰাতিয়ে সন্তানটোৰ যত্ন ল’ব লগা হৈছিল। কেতিয়াবা ৰাতি শুবলৈও সময় নোপোৱা অৱস্থা।
সন্তানৰ কান্দোন, অসুস্থতা, যত্ন এইবোৰে যেন পূর্ণিমাক প্রায়েই ক্লান্ত কৰি পেলাইছিল। এগৰাকী মাতৃ হিচাপে সেই যন্ত্রণা কিমান গভীৰ, সেয়া শব্দৰে বৰ্ণনা কৰা কঠিন। তদুপৰি কেতিয়াবা সমাজৰ, ঘৰৰ কিছুমান লোকে কৰা তিৰস্কাৰ, লাঞ্ছনাই তেওঁৰ মনক আৰু অধিক আঘাত দিছিল।
এই সকলোবোৰৰ মাজতে স্বামী-স্ত্রী দুয়ো সন্তানৰ লগত ব্যস্ত থাকোতে সংসাৰৰ আর্থিক অবস্থাও লাহে লাহে অৱনতি হ’বলৈ ধৰিলে। আয়ৰ নিৰ্দিষ্ট উৎস নাছিল, খৰচ বাঢ়ি গৈছিল। এটা সময়ত পৰিস্থিতি এনে হৈ পৰিল যে দৈনন্দিন জীবন চলোৱাই কষ্টকৰ হৈ পৰিল।
সেই সময়তেই পূর্ণিমাই এক গুৰুত্বপূর্ণ সিদ্ধান্ত ল’লে যে “এইদৰে নহ’ব, কিবা এটা কৰিবই লাগিব।” ঘৰত থকা সামান্য মাটিখিনি ব্যৱহাৰ কৰি তেওঁ গ্রীণ টিৰ খেতি আৰম্ভ কৰিলে। আৰম্ভণিতে উৎসাহ আছিল, কিন্তু বাস্তৱত ইমান সহজ নাছিল। এই খেতিত সময়, যত্ন আৰু ধৈর্য বেছি প্রয়োজন। যিটো তেওঁ সন্তানৰ যত্নৰ স’তে একেলগে সামৰি তোলা কঠিন হৈ পৰিল। ফলত সেই ব্যৱসায়ত সঠিক লাভ নোপোৱাত, তেওঁ সেই পথ এৰি দিবলৈ বাধ্য হ’ল। কিন্তু পূর্ণিমাই হাৰ মনা নাছিল।
২০১৮ত তেওঁ মাত্র দুই কেজি কাঠফুলাবে নতুনকৈ আৰম্ভকৰিলে আন এক যাত্রা। আৰম্ভণিৰ দিনবোৰ সহজ নাছিল- কেতিয়াবা উৎপাদন ভাল নহ’ল, কেতিয়াবা বজাৰত সঠিক মূল্য নাপালে। বহু সময়ত লোকচানো সহ্য কৰিব লগা হৈছিল। কেতিয়াবা বিক্রী নোহোৱাকৈ থাকি যোৱা কাঠফুলা দেখিও মন ভাঙি গৈছিল। তেতিয়া ঘৰত আয়ৰ অন্য কোনো উৎস নথকা বাবে, এই ব্যবসায়টোরেই আছিল তেওঁলোকৰ একমাত্ৰ ভৰসা। তথাপি, ধৈর্য আৰু পৰিশ্ৰম এৰি নিদিলে পূর্ণিমাই। লাহে লাহে অভিজ্ঞতা বাঢ়িল, কৌশল শিকিলে। সাপেখাটী খণ্ড উন্নয়ন কাৰ্যালয়ত কাঠফুলাৰ প্রশিক্ষণ লৈ তেওঁ নিজৰ দক্ষতা উন্নত কৰিলে। এই যাত্রাত স্বামী দিগন্ত বৰগোহাঁইৰ সহায়ো তেওঁৰ বাবে এক শক্তিৰ উৎস-বিশেষকৈ কন্যাগৰাকীৰ যত্ন লোৱাৰ ক্ষেত্ৰত। সময়ৰ লগে লগে এই সৰু প্রচেষ্টাই ডাঙৰ ৰূপ ল’লে।
মাত্র দুই কেজিৰ পৰা আৰম্ভ হোৱা উৎপাদন আজিৰ দিনত ৪০ কেজি পর্যন্ত বিক্ৰী কৰিব পৰা অৱস্থালৈ গৈছে। যদিও এতিয়াও সমগ্র অসমত বজাৰ বিস্তাৰ হোৱা নাই, তথাপি উজনি অসমত তেওঁলোকৰ কাঠফুলাৰ যথেষ্ট চাহিদা আছে।আজি এই ব্যৱসায়েই পূৰ্ণিমাৰ ঘৰখনৰ একমাত্র স্থায়ী আয়ৰ উৎস। এই আয়ৰ জৰিয়তে তেওঁলোকে নিজৰ, সন্তানৰ যত্ন, চিকিৎসা আৰু দৈনন্দিন খৰচ সামৰি লৈছে। কেতিয়াবা আয় ভাল হয়, কেতিয়াবা কম, কিন্তু পূর্ণিমাই এতিয়া শিকি লৈছে কেনেকৈ এই উত্থান-পতনৰ মাজতো আগবাঢ়ি থাকিব লাগে। পাছলৈ তেওঁ ঘৰতে কেঁচুসাৰ প্ৰস্তুতৰ কামো আৰম্ভকৰে, যদিও কাঠফুলাৰ খেতিয়েই তেওঁলোকৰ জীৱনৰ মূল চালিকাশক্তি হৈ আছে।
তেওঁলোকৰ এই অদম্য প্রচেষ্টা আৰু সফলতাক সন্মান জনাই, সাপেখাটী খণ্ড উন্নয়নৰ ফালৰ পৰা পূর্ণিমাক “কৃষক সন্মান নিধি” বঁটাৰে সন্মানিত কৰা হয়। লগতে, তেওঁলোকৰ ব্যৱসায় অধিক আগবঢ়াবৰ বাবে অতি কম সুতত ৪০ হেজাৰ টকাৰ ঋণ প্ৰদান কৰা হয়, যাৰ সহায়ত তেওঁলোকে কাঠফুলাৰ খেৰ কটাৰ বাবে মেচিন কিনিবলৈ সক্ষম হয়।
পূৰ্ণিমাৰ জীৱনটো বুজিবলৈ হ’লে কেৱল এগৰাকী উদ্যোগীৰ ৰূপত নহয়, এগৰাকী মাতৃৰ দৃষ্টিৰেও চাব লাগিব। এগৰাকী বিশেষভাৱে সক্ষম সন্তানৰ মাতৃ হোৱা মানে প্রতিটো দিনেই এক নতুন যুঁজ। নিদ্রাহীন ৰাতি, মানসিক চাপ, শাৰীৰিক ক্লান্তি – এই সকলোবোৰ সহ্য কৰি, তেওঁ একেলগে ঘৰ আৰু ব্যৱসায় দুয়ো আগবঢ়াই লৈ গৈছে।
আজি পূর্ণিমা শইকীয়া কেৱল এগৰাকী উদ্যোগী নহয় তেওঁ এক প্ৰেৰণা। তেওঁ দেখুৱাই দিলে দুখে ভাঙি পেলাব পাৰে, কিন্তু দৃঢ় সংকল্প থাকিলে মানুহে নিজৰ জীৱন নিজেই গঢ়ি তুলিব পাৰে। পূৰ্ণিমাৰ দৰে নাৰীসকলেই প্রকৃততে শক্তিৰ প্ৰতীক যিসকলে নিজৰ যন্ত্রণাক শক্তিত পৰিণত কৰি জীৱন জিকি লয়।































