৩৩ শতাংশ মহিলা আসন সংৰক্ষণৰ দাবীত ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি মহিলা মৰ্চাই। কংগ্ৰেছসহ ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে ‘জন আক্ৰোশ যাত্ৰা’ উলিয়াই ক্ষোভ প্ৰকাশ কৰে বিজেপি মহিলাসকলে।
১৭ এপ্ৰিলত সংসদত নাৰী শক্তি বন্দন বিধেয়ক বাতিল হোৱাৰ পাছতেই ডিব্ৰুগড়তো এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী মামুন গগৈ মিত্ৰৰ নেতৃত্বত মহানগৰৰ চৌকিডিঙ্গি চাৰিআলিৰ পৰা বিজেপি মাণ্ডলিক কাৰ্যালয়লৈকে এই প্ৰতিবাদী সমদল অনুষ্ঠিত হয়।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে নাৰীৰ প্ৰতি কংগ্ৰেছৰ কোনো সন্মান নাই। সংসদত বিধেয়কখন গৃহীত হ’লে দেশৰ মহিলাসকলে ৩৩ শতাংশ আসনত প্ৰতিনিধিত্বৰ সুযোগ লাভ কৰিলেহেঁতেন।
তেওঁ লগতে উল্লেখ কৰে যে দেৱগৌড়া চৰকাৰৰ সময়তো এই বিধেয়ক উত্থাপন কৰা হৈছিল, কিন্তু কংগ্ৰেছৰ বিৰোধিতাৰ ফলত ই সফল নহ’ল।
এই কাৰ্যসূচীত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰুৱাইও অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে কঠোৰ ভাষাৰে সমালোচনা আগবঢ়ায়।
আনহাতে, জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী মামুন গগৈ মিত্ৰই স্পষ্টভাৱে কয় যে মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ নিশ্চিত কৰিবই লাগিব। তেওঁ অভিযোগ কৰে যে এই বিধেয়ক বাতিল কৰি কংগ্ৰেছে নাৰীক চৰম অপমান কৰিছে।
উল্লেখযোগ্য যে, এই প্ৰতিবাদ কাৰ্যসূচীত ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱালসহ বহু মহিলা অংশগ্ৰহণ কৰে।































