এইবাৰ ড্ৰাগছৰ সন্দৰ্ভত অভিনেতা বিবেক অবেৰয়ৰ ঘৰত মুম্বাইৰ আৰক্ষীৰ অভিযান

WhatsApp Image 2020 10 15 at 9.20.49 PM

এইবাৰ নিজৰ ঘৰতে ড্ৰাগ লুকুৱাই ৰখাৰ অভিযোগত অভিযুক্ত হ’ল বলীউডৰ অভিনেতা বিবেক অবেৰয় ৷ কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী জীৱৰাজ আলভাৰ পুত্ৰ আদিত্য আলভাই দীৰ্ঘ দিন ধৰি বহু অভিনেতা-অভিনেত্ৰীক ড্ৰাগছৰ যোগান ধৰি অহা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল।

ADVERTISEMENT

আৰু সেই আদিত্য আলভা বিবেক অবেৰয়ৰ অতিকৈ ঘনিষ্ঠ ৷তাৰ পৰিপ্ৰেক্ষিততে মুম্বাইৰ আৰক্ষীয়ে বিবেকৰ ঘৰত ড্ৰাগচৰ সন্দৰ্ভত তালাচী চলাই। অৱশ্যে অভিনেতা বিবেক অবেৰয় ড্ৰাগছ সেৱন বা সৰবৰাহৰ লগত পোনপটীয়াকৈ জৰিত আছে নে নাই সেয়া আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই।

উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত বলীউডত ড্ৰাগছৰ সেৱন আৰু সৰবৰাহৰ সন্দৰ্ভত বহু তথ্য ফাদিল হয় ।ইতিমধ্যে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে ৷আনহাতে বলীউডৰ বহু অভিনেতা অভিনেত্ৰী নাম সম্প্ৰতি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত পৰিছে ৷

এই সন্দৰ্ভত ছাৰা আলী খান,ৰাকুল প্ৰীত সিং,দীপিকা পাডুকনৰ দৰে বহু হাইপ্ৰফাইল অভিনেত্ৰীক জেৰা কৰিছে NBCয়ে ৷ NBCয়ে অনাগত দিনত আৰু অধিক তথ্য লাভৰ আশা কৰিছে ৷

Exit mobile version