এন আৰ চিক প্ৰসংগত মুখ্যমন্ত্ৰী সোনোৱালে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰিছে:ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ 

7d7e9fd9 cbdb 4074 babb 38fe3a9227b1

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিক লৈ বিজেপিয়ে পুনৰ ৰাজ্য অস্থিৰ কৰিব বিচাৰিছে ৷ এই অভিযোগ ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ নামৰ এক বেচৰকাৰী সংস্থাৰ । আজি বঙাইগাঁও প্ৰেচ ক্লাবত আয়োজিত এক সংবাদমেলত সংস্থাটোৰ সভাপতি জমশ্বেৰ আলীয়ে কয় যে যোৱা দহ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ এক সভাত সদম্ভে ঘোষণা কৰিছিল যে NRC খন গ্ৰহণ যোগ্য নহয় ।

যদি সেয়াই হয় তেন্তে ৰাজ্য চৰকাৰৰ যি ৫৫ হেজাৰ কৰ্মচাৰীয়ে এই ভুল এনআৰচি প্ৰস্তুত কৰাৰ বাবে তেওঁলোকক বৰ্খাস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী সোনোৱালকো
পদত্যাগ কৰাৰ দাবী জনায়। কাৰণ অসম চৰকাৰৰ প্ৰথম প্ৰতিশ্ৰুতিয়ে আছিল অসমবাসীক এখন শুদ্ধ এন আৰ চি দিয়া ।

কিন্ত তাত চৰকাৰখন সম্পূৰ্নৰূপে বিফল হোৱা বুলি নিজেই তাৰ প্ৰমান দি আছে বুলি মন্তব্য কৰে সভাপতি জমেশ্বৰ আলীয়ে৷এই এন আৰ চি প্ৰত্যক্ষভাৱে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈছিল।আলীয়ে লগতে কয় যে ইতিমধ্যে চৰকাৰৰ পৰা এন আৰ চি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰাত উচ্চতম ন্যায়ালয়ে পোনতে এন আৰ চিৰ পুনৰীক্ষণৰ বিষয়টো অগ্ৰাজ্য কৰিছে ।

তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে পুনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অগ্ৰাজ্য কৰি আকৌ ৰাজনীতিৰ মেৰপেচত আনি এই এন আৰ চিৰ গ্ৰহণযোগ্যতা নাই বুলি কৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰিছে বুলি অভিযোগ কৰে জনশ্বেৰ আলীয়ে । উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায়ালয় অৱমাননাৰ গোচৰ ল’ব লাগিছিল ।

জনেশ্বৰ আলীয়ে কয় “এন আৰ চি খন এই কাৰণেই সম্পূৰ্ণ শুদ্ধ যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈছে৷ এন আৰ চি খন সম্পূৰ্ণ কৰাৰ পিচত বহু কেইটা পৰ্য্যায়ত পৰীক্ষা হোৱাৰ পিচতহে ইয়াক প্ৰকাশ কৰা হৈছে । এতিয়া যদি কোনোবাই নিজৰ ৰাজনৈতিক স্বাৰ্থত কয় এই এন আৰচি গ্ৰহণযোগ্য নহয় তেন্তে এয়া অসমৰ মানুহৰ বাবে গ্ৰহতথণযোগ্য হ’ব নোৱাৰে।”

ইফালে যি সকলৰ নাম সকলো নথি থকাৰ পিচতো বাদ পৰিছে সেই সকলৰ নাম কিয় অন্তৰ্ভুক্ত নকৰে বুলি প্ৰশ্ন কৰি আলীয়ে কয় যে বহু লোকৰ নাম অন্তৰ্ভুক্ত হৈছে কিন্ত তেওঁলোকৰ সন্তানৰ নাম বাদ পৰিছে।তদুপৰি যিসকল লোকক বিদেশী ন্যায়াধিকৰণে ভাৰতীয় বুলি প্ৰমাণ দিছে তেওঁলোকৰ নামো এন আৰ চিত অন্তৰ্ভুক্ত কৰা হোৱা নাই।

তেওঁ লগতে কয় যে এন আৰ চিৰ পুণৰীক্ষণৰ সময়ত আধাৰ কাৰ্ড দিয়া হ’ব বুলি কৈ বায়’মেট্ৰিক লৈছিল । তেওঁলোকক আধাৰ কাৰ্ড দিয়া নহ’ল কিন্ত এতিয়া তেওঁলোকে আধাৰ কাৰ্ডৰ বাবে গ’লে বায়’মেট্ৰিক নলয় । তাৰ বাবে লাখ লাখ অসমীয়া লোকে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । চৰকাৰে এই বিষয়েও গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায় সংবাদমেলত ।

ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক নন্দ ঘোষে কয় যে প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে এন আৰ চি সন্দৰ্ভত দায়িত্বহীন মন্তব্য দিছে । বিজেপি দল তথা চৰকাৰে তেওঁলোকৰ নেতা কৰ্মীৰ জৰিয়তে বিভিন্ন সময়ত অসমত বেমেজালি সৃষ্টিৰ বাবে মন্তব্য দিয়া বুলি অভিযোগ কৰে । তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত হোৱা এন আৰ চিৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰিল যত ১২ লক্ষাধিক লোক হিন্দু । বিজেপিয়ে হিন্দুৰ কথা কৈ এন আৰচিৰ ক্ষেত্ৰত হিন্দুৰ বিষয়ে মাত নামাতে বুলি অভিযোগ কৰে নন্দ ঘোষে ।

ঘোষে লগতে প্ৰশ্ন কৰে যে আজি ইমান পৰীক্ষা নিৰীক্ষাৰ অন্তত সমগ্ৰ অসমবাসীৰ ত্যাগৰ বিনিময়ত প্ৰস্তুত কৰা এন আৰ চি যদি নস্যাৎ কৰে তেন্তে এই এন আৰ চিৰ কামত হোৱা ক্ষতি আৰু নিহত লোকৰ ক্ষতিপূৰণ চৰকাৰে দিবনে ? । এন আৰ চি হোৱাৰ পিচতো স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালক বিদেশী ন্যায়াধিকৰণে জাননী দিছে ।

সৰভোগৰ এজন লোকক একপক্ষীয়ভাবে বিদেশী কৰাৰ পিচত আত্মহত্যা কৰিলে । চৰকাৰে এখন শুদ্ধ এন আৰ চি নিবিচাৰে বুলি আমাৰ সন্দেহ হৈছে । চৰকাৰখনে এই বৃহৎ সমস্যাটো লৈ ৰাজনীতি কৰিব বিচাৰিছে । অসমবাসীৰ বাবে কাম নকৰি কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে নন্দ ঘোষে । তেওঁ আৰু কয় যে সকলো নথি থকাৰ পিচতো সাধাৰণ দৰিদ্ৰ কৃষক শ্ৰেণীৰ লোকক বিদেশী বুলি জাননী দিয়া হয় আৰু তাৰ পিচত লাখ লাখ টকা খৰচ কৰি নিজকে স্বদেশী কৰাৰ সংগ্ৰাম কৰিব লগীয়া হৈছে ।

চৰকাৰে সাধাৰণ এই সকল লোকক কিয় ইমান কষ্ট দিয়ে বুলিও অভিযোগ কৰে । তেওঁ আৰু কয় যে ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোক ক্ষতিগ্ৰস্ত হৈছে । গতিকে যিসকল লোক বিদেশী তেওঁলোকক চিনাক্ত কৰি সংশ্লিষ্ট দেশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰক চৰকাৰে । ইয়াকে নকৰি হিটলাৰৰ নীতিৰে বন্দী শিবিৰৰ ব্যৱস্থাটো উঠাই দিয়াৰো দাবী জনায় ঘোষে ।

এন আৰ চিৰ পৰা যিদৰে মানুহৰ নাম কৰ্তন কৰা হৈছে সেই দৰেই যিসকল নাগৰিক তেওঁলোকৰ নাম সন্নিবিষ্ট কৰাৰো দাবী জনায় । এন আৰ চিক লৈ একপক্ষীয়ভাবে চৰকাৰে কৰা প্ৰতিটো কথা অসম বাসীয়ে লক্ষ্য কৰি আছে । নিশ্চয়কৈ অসম বাসীয়ে সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিব বুলিও কয় ঘোষে।

বিদেশী ন্যায়াধিকৰণত অন্যায় ভাৱে তথা বৈষম্যমূলক ভাৱে কাম কৰি থকাৰ অভিযোগ কৰে ঘোষে । মুঠতে অসম বাসীৰ নাগৰিকত্ব লৈ ৰাজনীতি নকৰি সকলো জাতি জনগোষ্ঠীৰ লোকক লৈ অসমখনক উন্নতিৰ বাবে কাম কৰাৰ বাবে দাবী জনায়৷

আজিৰ এই সংবাদ মেলত ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ সভাপতি জমশ্বেৰ আলী,কাৰ্যকৰি সভাপতি বিশেষৰ মৈত্ৰী,সাধাৰণ সম্পাদক নন্দ ঘোষ, মানৱাধিকাৰ কৰ্মী তথা বিশিষ্ট অধিবক্তা অভিজিত চৌধুৰী উপস্থিত আছিল।

Exit mobile version