কৰ’না সন্দৰ্ভত ভুল তথ্য প্ৰচাৰত সবাতোকৈ শীর্ষত আছে ফে’চবুক

WhatsApp Image 2020 10 16 at 1.27.49 PM

ক’ভিড-১৯ অতিমাৰীৰ বা-বাতৰি প্ৰচাৰ কৰা সাংবাদিকৰ দাবী অনুসৰি এই মাৰাত্মক ভাইৰাছৰ সন্দৰ্ভত ভুল তথ্য প্রকাশৰ ক্ষেত্ৰত ফেচবুক শীর্ষস্থানত আছে । ইয়াৰ পাছতে কৰনাৰ সন্দৰ্ভত ভুল তথ্যপাতি প্ৰচাৰৰ ক্ষেত্ৰত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে নির্বাচিত একাংশ প্রতিনিধিয়ে ।

ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ জাৰ্ণেলিষ্ট (আই চি এফ জে) আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ দ্য চেণ্টাৰ ফ’ৰ ডিজিটেল জাৰ্ণেলিজমে সাংবাদিকতা আৰু ক’ভিড-১৯ৰ সংক্ৰমণৰ সন্দৰ্ভত চলােৱা আন্তর্জাতিক সমীক্ষাত ভুৱা বাতৰিৰ বিষয়ত এই তথ্য লাভ কৰে।

আই চি এফ জেৰ সমীক্ষাৰ তথ্য অনুসৰি ফেচবুকৰ জৰিয়তে ক’ভিড-১৯ৰ সন্দৰ্ভত বহু ভুল তথ্যপাতি প্ৰচাৰ হৈ আহিছে । এই অধ্যয়নত অংশ লােৱা ৮২ শতাংশ সাংবাদিকে দাবী কৰা মতে, ফে’চবুক আৰু হােৱাটছএপ, ইনস্টাগ্রামে ক’ভিড-১৯ৰ সন্দৰ্ভত সর্বাধিক অসত্য বাতৰি আৰু ভুল তথ্য প্রচাৰ কৰিছে । এনে সামাজিক মাধ্যমৰ জৰিয়তে একাংশ লােকে ক’ভিড-১৯ৰ সংক্ৰমণক লৈ অপপ্ৰচাৰ চলােৱাৰ অভিযােগে সাংবাদিকসকলে উত্থাপন কৰিছে ।

টুইটাৰ, ইউটিউব আৰু গুগল ছাৰ্চৰ দৰে প্লেটফর্মেও ভুল তথ্য প্রচাৰ কৰা বুলি সমীক্ষাটোত প্রকাশ । ৬৬ শতাংশ সাংবাদিকে ফে’চবুকে ভুৱা খবৰ প্ৰচাৰৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা বুলি সমীক্ষাটোত মত প্ৰকাশ কৰিছে ।

সমীক্ষাত অংশ লােৱা আমেৰিকা, ব্রিটেইন, ভাৰত, নাইজেৰিয়া আৰু ব্রাজিলৰ অর্ধেকাংশ সাংবাদিকে দাবী কৰা মতে, ক’ভিড-১৯ সন্দৰ্ভত ভুল তথ্যপাতি প্ৰচাৰত ছ’চিয়েল মিডিয়াৰ পাছতে ৰাজনৈতিক নেতা তথা নির্বাচিত প্রতিনিধিয়ে ভূমিকা লৈছিল ।

Exit mobile version