সন্ত্ৰাস সন্দৰ্ভত আচৰণ সলনি নহ’লে আলোচনাৰ প্ৰশ্ন উত্থাপন নহয় : পাকিস্তানক ক’লে ভাৰতে

WhatsApp Image 2020 10 16 at 2.57.21 PM

ভাৰতীয় সংবাদ মাধ্যমৰ স’তে হােৱা এক সাক্ষাৎকাৰত পাকিস্তান প্রধানমন্ত্রী ইমৰান খানৰ নিৰাপত্তা বিষয়ক উপদেষ্টা মইদ ইউছুফে দাবী কৰি কৈছিল যে নতুন দিল্লীয়ে পুনৰ আলােচনাত অংশ ল’বলৈ ইচ্ছা প্রকাশ কৰিছে । পাকিস্তানী উপদেষ্টাজনৰ এই দাবী সম্পূর্ণ ভিত্তিহীন বুলি স্পষ্টীকৰণ দিলে ভাৰতে । ৰাষ্ট্ৰীয় সংবাদপত্র ‘হিন্দুস্তান টাইমছ’ৰ এক বাতৰিত ভাৰতৰ বৈদেশিক বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, পাকিস্তানে আলােচনাৰ বাবে ভাৰতে আগ্রহ প্রকাশ কৰা বুলি যি বাতৰি প্ৰচাৰ কৰিছে সেয়া সম্পূর্ণ ভিত্তিহীন ।

ভাৰতে লগতে কয় যে পাকিস্তানে আলােচনা বিচাৰিলে প্রথমে সন্ত্রাস আৰু হিংসা দমনৰ পদক্ষেপ গ্রহণ কৰিব লাগিব । যিদৰে সীমান্ত অঞ্চলত পাকিস্তানে সন্ত্রাসবাদীক পৃষ্ঠপােষকতা প্ৰদান কৰি আহিছে সেয়া বন্ধ নকৰিলে দেশখনৰ স’তে আলােচনাৰ প্রশ্ন উত্থাপিত নহয় বুলি ভাৰতে স্পষ্ট কৰি দিয়ে । পাকিস্তানে আচৰণ সলনি নকৰিলে আলােচনাৰ প্রশ্নই নাহে । পাক সমর্থিত সন্ত্রাস হৈছে সবাতােকৈ গুৰুত্বপূৰ্ণ ইচ্ছা আৰু এই কার্য দেশখনে বন্ধ নকৰিলে আলােচনা কৰি একো লাভ নহ’ব ভাৰতে এইদৰে কয় ।

Exit mobile version