কোটি টকাত বিক্ৰী হৈ গৈছিল এছ পি:জুলাইতে প্ৰশ্নকাকত ফাদিলৰ পৰিকল্পনা

d0b9a25faac4251aee5091b5a5eab8694e6784057b02635a604e2cd9fa45018c

সঘনে ভাষ্য সলনি কৰিছে প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই ।ইয়াৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট গোচৰত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা ৰুবুল হাজৰিকা আৰু দালাল চক্ৰৰ সহযোগী সুৰয শৰ্মাক মুখামুখিকৈ লৈ জেৰা কৰে চি আই ডিয়ে ৷চি আই ডিৰ সূত্ৰই জনোৱা অনুসৰি প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত চি আই ডিত ৰজু হৈ থকা ২১/২০২০ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণক চি আই ডিৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই সমগ্ৰ ঘটনাৰাজিৰ পৰিকল্পনা তথা ইয়াৰ কাৰ্যকৰীকৰণৰ সম্পৰ্কত জেৰা কৰে ৷

কিন্তু জেৰাৰ সময়তহম মাত্ৰ দুই চাৰিটা শব্দ উচ্চাৰণ কৰিয়ে বিষয়টোৰ পৰা আঁতৰি থকাৰ প্ৰচেষ্টা চলাই আৰক্ষী অধীক্ষকজনে ৷এই গোচৰৰ সন্ধান প্ৰক্ৰিয়াত তেওঁৰ পৰা প্ৰয়োজনীয় সহযোগিতা নোপোৱাৰ বিষয়ে উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰে চি আই ডিয়ে ।ইয়াৰ পাছত সংশ্লিষ্ট গোচৰৰ তদাৰকৰ দায়িত্বত থকা অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈ কৃষ্ণৰ লগত ৰুবুল হাজৰিকা আৰু সুৰয শৰ্মাক মুখামুখিকৈ জেৰা কৰে ৷

জেৰাৰ সময়ত চি আই ডি মহাপৰিদৰ্শক সুৰেন্দ্ৰ শৰ্মাও উপস্থিত থাকে। প্ৰশ্নকাকত ফাদিলৰ বিনিময়ত দুটা কিস্তিত আৰক্ষী অধীক্ষক কৃষ্ণক আগধন হিচাপে ৪০ লাখ টকা আদালয়ৰ কথা ইতিপূৰ্বে জেৰাত স্বীকাৰ কৰিছে ধৃত ৰুবুল হাজৰিকাই ৷কিন্তু এই কথা অস্বীকাৰ কৰে অভিযুক্ত কৃষ্ণই ৷অৱশ্যে প্ৰশ্নকাকত ফাদিলক লৈ কিমান টকা আদায় ল’লি আৰু পৰীক্ষা সম্পন্ন হোৱাৰ পাছত কিমান পৰিমাণৰ ধন লোৱাৰ বাবে বুজাবুজিত উপনীত হৈছিল সেই বিষয়েও আৰক্ষী অধীক্ষকজনে প্ৰকৃত সত্য প্ৰকাশ নকৰিলে বুলি সূত্ৰটোৱে জনায় ৷

ইয়াৰ পাছতে ৰুবুল হাজৰিকাৰে মুখামুখিকৈ ধৃত আৰক্ষী অধীক্ষকজনক চি আই ডিয়ে জেৰা চলোৱা বুলি সূত্ৰটোৱে অৱগত কৰে ৷প্ৰশ্নকাকত ফাদিলৰ বাবে বিগত জুলাইতে কুমাৰ সঞ্জীত কৃষ্ণৰে বন্দৱস্তিত উপনীত হয় দালাল চক্ৰ। দালাল চক্ৰৰ হৈ নেতৃত্ব বহন কৰে ৰুবুল হাজৰিকা,সুৰয শৰ্মা আৰু দ্বিবন ডেকাই। ইয়াৰ ভিত্তিতে বিগত জুলাইত প্ৰথম কিস্তিত ২০ লাখ টকা আৰু ১৮ ছেপ্টেম্বৰত পুনৰ ২০ লাখ টকা আদায়ৰ কথা ধৃত ৰুবুলে জেৰাত স্বীকাৰ কৰিছে।

লগতে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত দুটা কিস্তিত ৬০ লাখ টকা আদায়ৰ বাবে বুজাবুজিৰ হোৱাৰ কথা ৰুবুলে সদৰী কৰে বুলি সূত্ৰটোৱে উল্লেখ কৰে ।ৰুবুলৰ এই তথ্য সঞ্জীত কৃষ্ণই অস্বীকাৰ কৰাত প্ৰথম কিস্তি আদায়ৰ সময়ত উপস্থিত থকা সূৰয শৰ্মাকো একে সময়তে চি আই ডি য়ে জেৰা কৰে ৷আনহাতে প্ৰশ্নকাকত ফাদিলৰ ঘটনাত সন্দেহৰ আৱৰ্তত থকা আৰু এই সংক্ৰান্তত যোৱা ১২ অক্টোবৰত চি আই ডিৰ জেৰাৰ সন্মুখীন হোৱা কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তই পুনৰ জিলাখনত পুনৰ কতৰ্ব্যত যোগদান কৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷কিয়নো গুৰুতৰ অভিযোগ থকাৰ পাছতো চি আই ডিয়ে গ্ৰেপ্তাৰ কৰাটো দূৰৈৰে কথা পুনৰ কৰ্তব্যত যোগদান কৰিবলৈ সুযোগ দিয়াৰ আঁৰত কিহে ক্ৰিয়া কৰিছে বুলি প্ৰশ্ন উত্থাপিত হৈছে ৷

Exit mobile version