সুখবৰঃকৰ’নাত সুস্থ হোৱাৰ সংখ্যা ৬৫ হাজাৰলৈ বৃদ্ধি

coronavirus outbreak

এটা ভাল খবৰ ৷দেশত কৰ’নাৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা ৬৫,২৪,৫৯৬ লৈ বৃদ্ধি পাইছে।

দেশত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৬২,২১২ গৰাকী লোক। ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ দেশত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৮৩৭ গৰাকী।

সমগ্ৰ ভাৰতত ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৪ লাখৰ ঘৰ। কৰ’নাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত কৰ’নাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৭৪,৩২,৬৮১ গৰাকী। চিকিৎসাধীন হৈ আছে ৭,৯৫,০৮৭ গৰাকী লোক ৷ মৃত্যু হৈছে ১,১২,৯৯৮ গৰাকী লোকৰ।

Exit mobile version