আফগানিস্তানৰ পৰা অহা মুছলমানক ৰক্ষণাবেক্ষণৰ পোষকতা

IMG 20201018 WA0015

মুছলমান বিৰোধী স্থিতি গ্ৰহণৰ বাবে বিতৰ্কই লগ নেৰা হৈছে ডিমা হাচাও জিলাৰ কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা । সম্প্ৰতি দুমুখীয়া নীতি গ্ৰহণ কৰি গার্লচাই ডিমা হাচাও জিলাত বাংলাদেশী মুছলমানৰ বিপৰীতে আফগানিস্তানৰ পৰা অনা কিছু মুছলমান পৰিয়াল থাকিব পাৰিব বুলি কৈ বিতৰ্কত সোমাই পৰিছে ।

ডিমা হাচাও জিলাত বাংলাদেশী মুছলমানক আশ্ৰয় দিয়া নহ’ব,কিন্তু ব্ৰিটিছ শাসন কালত ৰেল লাইনৰ কামত নিয়োজিত সুদূৰ আফগানিস্তানৰ পৰা অনা কিছু মুছলমান পৰিয়ালক জিলাখনৰ ষষ্ঠ অনুসূচীত নিয়ম অনুযায়ী পাৰ্বত্য জিলা ডিমা হাচাওত থাকিব পাৰিব, এই মন্তব্য দেৱলাল গার্লচাৰ । ইপিনে, এই সন্দৰ্ভত গার্লচাই সাংবাদিকৰ আগত কয় যে, “আমি মুছলমান বিৰোধী নহয়, কেৱল বাংলাদেশী মুছলমানৰহে বিৰোধী।”

Exit mobile version