আমি সতৰ্ক হৈ আছো, আমি আমাৰ এক ইঞ্চি ভূমিয়ো এৰি নিদিওঁঃ অমিত শ্বাহ

WhatsApp Image 2020 10 18 at 1.15.40 PM

আইন শৃংখলাৰ পৰিস্থিতি অৱনতি হ’লে পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন বিচৰাৰ অধিকাৰ  আছে বিজেপিৰ ৷ এই দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। লগতে গৃহমন্ত্ৰী শ্বাহে কয় যে  অহা বছৰৰ বিধান সভাৰ নিৰ্বাচনত জয়ী হৈ পশ্চিমবংগত বিজেপি ক্ষমতালৈ আহিব । ইফালে লাডাখৰ ভাৰত-চীন সীমান্ত সমস্যাক লৈ মন্তব্য কৰি শ্বাহে কয় যে লাডাখ সীমান্তৰ সমস্যা সমাধানৰ বাবে চৰকাৰে সম্ভৱপৰ সকলো পৰ্যায়ৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টা হাতত ল’ব ।

চীনৰ সন্দৰ্ভত অধিক সষ্টম হৈ অমিত শ্বাহে কয় ” আমি সতৰ্ক হৈ আছো, আমি আমাৰ এক ইঞ্চি ভূমিয়ো এৰি নিদিওঁ। আমাৰ প্ৰতিৰক্ষা বাহিনী আৰু নেতৃত্বই দেশৰ সাৰ্বভৌমত্ব আৰু সীমান্ত ৰক্ষা কৰবিলৈ সক্ষম”৷ দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা ৰক্ষাৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ । এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।

Exit mobile version