আমেৰিকাৰ ওপৰত পোতক তুলিবলৈ চীনে প্ৰযোজ্য কৰিলে নতুন আইন

WhatsApp Image 2020 10 18 at 5.05.43 PM

প্ৰযুক্তিৰ বিদ্যাক লৈ এইবাৰ চীনে গৃহীত কৰিলে নতুন আইন।এই আইনৰ দ্বাৰা আমেৰিকা আৰু চীনৰ মাজৰ বৈদেশিক সম্পৰ্কত অৱনতি ঘটাব পাৰে ৷

চীনৰ নেশ্যনেল পীপুল্স কংগ্ৰেছ ষ্টেণ্ডিং কমিটিয়ে এই আইনক আজি গৃহীত কৰে ৷এতিয়াৰ পৰা চীনৰ সকলো কোম্পানীত এই আইনৰ নীতি নিয়ম প্ৰযোজ্য হ’ব। এই আইন প্ৰযোজ্য হ’ব চলিত বৰ্ষৰ এক ডিচেম্বৰৰ পৰা ৷

এই আইনৰ দ্বাৰা চীনৰ “ৰাষ্ট্ৰীয় সুৰক্ষা”সুৰক্ষিত হ’ব ।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ বহু এপপ বন্ধ কৰি দিছিল ৷ইয়াৰ ভিতৰত আছিল টিকটক,উই চাট ইত্যাদি ৷

আনহাতে এই নতুন আইনৰ নিয়মক উলংঘন কৰিলে ৫ ত্ৰিলিয়ন ইউয়ান ভৰিব লাগিব ৷লগতে লাইচেঞ্চো বাতিল কৰিব ৷

Exit mobile version