চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

WhatsApp Image 2020 10 18 at 10.38.13 AM

চিৰাং আৰক্ষীয়ে বন বিভাগৰ সমান্তৰালকৈ চোৰাং কাঠৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । শনিবাৰে বিশেষ তথ্যৰ ভিত্তিৰ জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু ঢালিগাঁও থানাৰ অচি বিজিত দাধৰাই চলোৱা এক অভিযানত জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত খামাৰপাৰা গাঁওত অভিযান চলাই গাঁও খনৰ আনোৱাৰ হুচেইনৰ ঘৰত অবৈধ ভাৱে মজুত ৰখা বুজন পৰিমাণৰ মূল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । লগতে ১২৮ টা কাঠৰ বৃহৎ ফলা কুণ্ডা জব্দ কৰে আৰক্ষী বিষয়া জনে । এই সন্দৰ্ভত ঢালিগাঁও থানাত এটা গোচৰ পঞ্জীয়ন কৰি আইনী ব্যৱস্থা গ্ৰহণৰ কথা জনায় আৰক্ষী বিষয়া প্ৰতাপ দাসে ।

আনহাতে, বিটিচিত ৰাজ্যপালৰ শাসম বলবৎ হোৱাৰে পৰা বিটিচিৰ চাৰিওখন জিলাৰ লগতে চিৰাং জিলাতো ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি চোৰাং কাঠ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা অৱলম্বন কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে । কিন্ত চোৰাং কাঠৰ ব্যৱসায়ী সকলেও নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি চলাই গৈছে চোৰাং কাঠৰ ব্যৱসায় । জিলাখনৰ উত্তৰাঞ্চল ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলৰ মূল্যবান কাঠ তথা বনাঞ্চল ধ্বংসৰ পিছত এতিয়া কোকৰাঝাৰ জিলাৰ ৰিপু চিৰাং বনাঞ্চল আৰু হল্টুগাঁও বনাঞ্চলৰ পৰা এই দৰেই চোৰাং কাঠৰ সৰবৰাহ অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

Exit mobile version