ভাৰতে কৰ’না সংক্ৰমণৰ উচ্চ স্তৰটো অতিক্ৰম কৰিছে

iStock 1209432716 1592066488

1209432716

কৰ’নাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠন কৰা এখন কমিটিয়ে কয় “ভাৰতে কৰ’নাৰ উচ্চ স্তৰটো অতিক্ৰম কৰিছে ৷ ” লগতে কমিটিখনে দাবী কৰে যে ২০২১ৰ ফ্ৰেব্ৰুৱাৰীলৈকে কৰ’নাৰ সংক্ৰমণ প্ৰায় শেষ হ’ব ৷

কিন্তু এতিয়াও সকলো সাৱধানতা অৱলম্বন কৰিব লাগিব। জনতাই। অৱশ্যে ফ্ৰেব্ৰুৱাৰীলৈ কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১ কোটি ৫ লাখ পৰ্যন্ত হ’ব পাৰে। সম্প্ৰতি দেশত কৰ’নাত আক্ৰান্তই সংখ্যাই ৭৫ লাখৰ ঘৰ অতিক্ৰম কৰিলে। বিগত ২৪’ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৬১,৮৭১জন ।মৃত্যু হৈছে ৮৩৭ জন ৷সুস্থ হৈছে ৭২,৬১৪জন লোক ৷

আনহাতে বিগত ২৪ সকলোতকৈ বেছি কৰ’নাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত ১০,২৫৯ জন,কেৰালাত ৯০১৬ জন,কৰ্নাটকত ৭১৮৪ জন,তামিলনাডুত ৪২৯৫ জন আৰু পশ্চিম বংগত ৩৮৬৫ জন লোক আক্ৰান্ত হৈছে কৰ’নাত। ঠিক তেনেদৰে মৃত্যুৰ সংখ্যাও অধিক মহাৰাষ্ট্ৰত ৷

ৰাজ্যখনত বিগত ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ৪৬৩ জন,উত্তৰাখণ্ডত ৯৫ জন,কৰ্ণাটকত ৭১,পশ্চিম বংগত ৬১ আৰু তামিলনাডুত ৫৭ জন লোকৰ মৃত্যু হৈছে কৰ’নাত। ইপিনে দেশত কৰ’নাত সুস্থৰ হাৰ হৈছে ৮৮ শতাংশ ৷মৃত্যু হোৱাৰ হাৰ হৈছে ১.৫ শতাংশ ৷

Exit mobile version