আছুত নীলকণ্ঠৰ দৰে কাম কৰি আহিছো আৰু অনাগত দিনটো কাম কৰি যামঃসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Dr. Samujjal Bhattacharya

আছুত নীলকণ্ঠৰ দৰে কাম কৰি আহিছো আৰু অনাগত দিনটো কাম কৰি যাম ৷ এই মন্তব্য আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

দীৰ্ঘদিনৰ পাছত আজি ৰাজ্যত নতুন দল আৰু আছুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ তেওঁ কয় যে দুলীয়াজান অধিৱেশনৰ সময়তে আছু ত্যাগ কৰিব৷

আছুৰ সন্দৰ্ভত মন্তব্য কৰি ভট্টাচাৰ্যই কয় “আছুৱে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগে ৷ কাৰণ আছু হৈছে সামূহিক নেতৃত্বৰে পৰিচালিত হোৱা এটা সংগঠন।

আছুৰ সংগ্ৰামী সত্বা অটুট ৰাখি সংগঠনটোৱে সদায় ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি কাম কৰিব লাগে বুলিও তাপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

লগতে ভট্টাচাৰ্যই শাৰীৰিক অসুস্থতাৰ বাবে ইমানদিনে সংবাদমাধ্যমৰ পৰা আঁতৰত আছিল বুলি মন্তব্য কৰে ৷

Exit mobile version