দেশত কৰ’নাৰ সংক্ৰমণৰ সংখ্যাই ৭৫ লাখৰ ঘৰ অতিক্ৰম কৰিলে। বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৫৫,৭২২ জন লোক ।আৰু মৃত্যু হৈছে ৫৭৯ জন লোক।
ADVERTISEMENT
ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭৫,৫০,২৭৩ জনলৈ বৃদ্ধি পাইছে ।আৰু মৃত্যু হৈছে ১,১৪,৬১০ জনৰ ।সুস্থ হৈছে ৭,৭২,৫৫ জন ।
উল্লেখযোগ্য যে কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১ লাখৰ ঘৰ পাবলৈ সময় লাগিছিল প্ৰায় ১১০ দিন ।
কিন্তু ইয়াৰ পাছত কৰ’নাত আক্ৰান্তৰ গতি দ্ৰুত গতিত বৃদ্ধি পালে ৷কাৰণ কৰ’নাত আক্ৰান্তৰ সংখ্যা ১ লাখৰ ঘৰ এদিন দুদিনতে অতিক্ৰম কৰিলে। ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭৫ লাখ অতিক্ৰম কৰিবলৈ সময় লাগিছিল ২৬৩ দিন ।