ডা° দেবেন দত্তৰ হত্যাকাণ্ডৰ ৰায় দান

WhatsApp Image 2020 10 20 at 5.21.11 PM

যোৰহাট জিলা সত্ৰ ন্যায়ধীশ আদালতে আজি টীয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ ৰায় প্ৰদান কৰে ৷

আদালতে হত্যাকাণ্ডত জড়িত এজনক মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ লগতে আন ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহে।

উল্লেখ্য যে বিগত বৰ্ষত ৩১ আগষ্টত যোৰহাটৰ টীয়ক চাহ বাগিচাত এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ পিছত বাগিচাখনৰ চিকিৎসক ডাঃ দেবেন দত্তক বাগিচাখনৰ চিকৎসালয়ত আৱদ্ধ কৰি একাংশ উত্তেজিত শ্ৰমিকে গণপ্ৰহাৰ কৰিছিল।

আহত চিকিৎসক ডাঃ দেবেন দত্তক আৰক্ষীয়ে উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে নিয়াৰ পথতে মৃত্যু ঘটিছিল ৷

Exit mobile version