বঙাইগাঁৱৰ যোগীঘোপাত  Multi Modal Logistics Park ৰ আধাৰ শিলা স্থাপন

7ebaa495 e961 44b9 82c6 72ca66863cd5

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ অশোক কাগজকলৰ পৰিসৰত আজি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মাল্টি মডেল লজিষ্টিকচ পাৰ্কৰ আধাৰ শিলাৰ ফলক দিল্লীৰ পৰা ভাৰ্চুৱেলী অনাৱৰণ কৰে।কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে NHDCLৰ সহযোগত বঙাইগাঁৱৰ যোগীঘোপাত নিৰ্মাণ কৰিবলৈ যোৱা দেশৰ প্ৰথমখন Multi Modal Logistic Park প্ৰায় ছয়শ বিঘাৰ পৰিসৰক সাঙুৰি  ল’ব।

এই পাৰ্কখনৰ নিৰ্মাণত ব্যয় হ’ব প্ৰায় ৭০০ কোটি টকা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এক দৃশ্য-শ্ৰাব্য মাধ্যমৰ যোগেদি দিয়া ভাষণত দাবী কৰা মতে এই পার্কখনে ২০ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ ব্যৱস্থা কৰিব । লগতে সামগ্ৰীৰ মজুতকৰণ আৰু পৰিবহণত ১০ শতাংশ খৰচ ৰেহাই হ’ব । এই পাৰ্কৰ জৰিয়তে উত্তৰ পূবৰ ব্যৱসায়ীয়ে আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে চুবুৰীয়া বাংলাদেশ, ভূটান আৰু নেপালৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়াত সুবিধা পাব বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

যোগীঘোপাৰ পাৰ্কখনত প্ৰতি বছৰে ১৩ মিলিয়ন মেট্ৰিক টন কাৰ্গ’ সঞ্চালন কৰাৰ সুবিধা থাকিব।একত্ৰীকৃত শীতল ভাণ্ডাৰৰ সুবিধাও থাকিব।স্থানীয় পৰ্যায়ত উৎপাদন সামগ্রীৰ প্ৰসাৰ প্ৰক্ৰিয়া সৰল কৰা হ’ব। কাৰ্গো, সামগ্ৰী মজুত কৰা,  আৰু পাৰ্কিঙৰ সুবিধা এটা স্থানতে প্ৰদান কৰা ।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীয়ে ভাষণত প্ৰকাশ কৰা মতে এই পাৰ্কৰ নিৰ্মাণ কাৰ্য অহা নবেম্বৰ মাহত আৰম্ভ কৰা হ’ব আৰু ২০২৩ ৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব। মন্ত্ৰী গাডকাৰীয়ে অসমত এনেধৰণৰ পাৰ্ক স্থাপনৰ বাবে চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক আহ্বান জনায়। মন্ত্ৰী গাডকাৰীয়ে ধুবুৰী আৰু ফুলবাৰী সংযোগী দলং এখন ব্ৰহ্মপুত্ৰৰ ওপৰত অচিৰেই নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে চিৰাং জিলাৰ বঙাইগাঁও ছাপাগুৰিত এখন নতুন উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব বুলি সদৰী কৰে ৷

চিৰাং জিলাৰ ছামঠাইবাৰীৰ পৰা ভূটানৰ গেলেফুলৈ যোৱা পথ নিৰ্মাণৰ কাম অচিৰেই হাতত লোৱা হ’ব বুলি মন্ত্ৰী গাডকাৰীয়ে কয়।আনহাতে মুখ্যমন্ত্ৰী সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক এই পাৰ্কৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী ফণীভূষণ চৌধুৰী, চন্দ্ৰ মোহন পাটোৱাৰী, ৰামেশ্বৰ তেলী, ভিকে সিং, জিতেন্দ্ৰ সিং আদি নেতাসকলেও ভাষণ প্ৰদান কৰে ৷

Exit mobile version