সোমবাৰে uber Indiaৰ Supply আৰু Driver Operationৰ প্ৰধান পবন বৈশ্যই কয় যে, “uberৰ চালকসকলৰ লগতে ব্যৱহাৰকাৰীয়ে এতিয়াৰে পৰা যাত্ৰাৰ বুকিঙৰ আগত মাস্ক পৰিধান কৰি চেল্ফি তুলি পঠাব লাগিব ।” অতিমাৰীৰ সংক্ৰমণৰ পৰা ব্যৱহাৰকাৰী সকলে নিজকে অধিক সুৰক্ষিত অনুভৱ কৰিবলৈ এই নতুন ব্যৱস্থাৰ সংযোজন কৰা হৈছে ।
ADVERTISEMENT
উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে uberৰ চালকে যাত্ৰাৰ সময়ত এখন চেল্ফি ক্লিক কৰি মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত সুনিশ্চিত কৰিবলৈ uberয়ে এক নতুন প্ৰযুক্তিৰ নিৰ্মাণ কৰিছিল । এইবাৰ যাত্রী বা ব্যৱহাৰকাৰীৰ ক্ষেত্ৰতো একে প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰযোজ্য কৰিছে Uberয়ে । নতুন নীতিটো প্লেটফর্মত চালক আৰু যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপদৰ ওপৰত ভিত্তি কৰি প্ৰযোজ্য কৰা হৈছে ।