২৫ বছৰ সম্পূৰ্ণ কৰিলে দিলৱালে দুলহনীয়া লে জায়েংগেই

b10363b8 c13f 43c7 95cd 8957413a5093

১৯৯৫ ত মুক্তি পোৱা বলীউডৰ জনপ্ৰিয় ছবি দিলৱালে দুলহনীয়া লে জায়েংগেই আজি ২৫ বছৰ সম্পূৰ্ণ কৰিলে ৷এই ছবিখনৰ জৰিয়তে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু কাজলক এদিনৰ ভিতৰতে ষ্টাৰৰ পৰা ছুপাৰষ্টাৰলৈ পৰিৱৰ্তন কৰিছিল।

কিন্তু আপুনি জানেনে শ্বাহৰুখ আৰু কাজলে প্ৰথমতে DDLJ ত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোক দুয়োজনেই এই ছবিখনক লৈ উৎসাহিত নাছিল। শ্বাহৰুখ খানে DDLJ ৰ ৰাজৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল । ছবিখনৰ প্ৰযোজকে এই ছবিখনত শ্বাহৰুখক অভিনয় কৰোৱাবলৈ বহু কষ্ট কৰিব লগীয়া হৈছিল ৷

ছবি সাংবাদিক অনুপমা চোপ্ৰাৰ গ্ৰন্থ দিলৱালে দুলহনীয়া লে জায়েংগেৰ ৰোমাণ্টিক কাহিনীটোত অভিনয়ৰ কাৰণে ইচ্ছুক নাছিল শ্বাহৰুখ।কাহিনীটোত দেখুওৱা অনুসৰি কোনো অভিনেত্ৰীৰ লগত ৰোমাঞ্চ,আৰু ছবিৰ হিৰোইনৰ লগত পলাই যোৱা এই সকলোবোৰ কনচেপ্ট শ্বাহৰুখ খানৰ ভাল লগা নাছিল। কাৰণ সেই সময়ত আমিৰ খান আৰু ছলমান খানেও ৰোমাণ্টিক ছবিত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈছিল। তেনে সময়তে শ্বাহৰুখ খানে আমিৰ আৰু ছলমান খানতকৈ পৃথক চৰিত্ৰত অভিনয় কৰিব বিচাৰিছিল ।

সেয়েহে শ্বাহৰুখ খানে ৰাজ চৰিত্ৰটোত অভিনয় নকৰাৰ সিদ্ধান্তৰ বিষয়ে আদিত্য চোপ্ৰাক জনায় ৷ইয়াৰ পাছত শ্বাহৰুখ খানৰ পৰা অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰা দেখি আদিত্য চোপ্ৰাই তেওঁক বহুত বুজাব লগাও হৈছিল৷তাৰ মাজতে আদিত্য চোপ্ৰাই ৰাজ চৰিত্ৰটোৰ কাৰণে চৈইফ আলী খানৰ কথাও ভাবিছিল। অৱশেষত কৰণ অৰ্জুনৰ দৃশ্য গ্ৰহণৰ সময়ত শ্বাহৰুখ খান DDLJ ত অভিনয়ৰ কাৰণে সন্মতি প্ৰদান কৰে ।

আনহাতে অভিনেত্ৰী কাজলৰো DDLJ ৰ ছিমৰানৰ চৰিত্ৰটো আমনিদায়ক লাগিছিল ।এক সাক্ষাৎকাৰত কাজলে কয়”মোৰ প্ৰথমতে অনুভৱ হৈছিল যে ছিমৰাণ চৰিত্ৰটো অলপ আমনিদায়ক। কিন্তু পাছলৈ মই ছিমৰাণ চৰিত্ৰটোৰ বিশেষত্বখিনিক চিনাক্ত কৰিছিলো ।মই অনুভৱ কৰিছিলো যে আমাৰ প্ৰত্যেকৰে হৃদয়ৰ কোনো ঠাইত ছিমৰাণ লুকাই আছে ৷আৰু সদায়েই ছিমৰানৰ দৰে ভাল কাম কৰাৰ হেপাঁহো লুকাই থাকে।”

উল্লেখ্য যে DDLJ ৰ ২৫ বছৰ উপলক্ষে আজি কাজল আৰু শ্বাহৰুখ খানে টুইটাৰত নিজৰ নাম পৰিবৰ্তন কৰিছে ৷শ্বাহৰুখ খানে টুইটাৰত নিজৰ নাম ৰাজ মালহোত্ৰা কৰাৰ বিপৰীতে কাজলে নিজৰ নাম ছিমৰানলৈ পৰিৱৰ্তন কৰে। লগতে কিং খানে ২৫ বছৰৰ স্মৃতি ৰোমন্থন কৰি টুইটাৰত DDLJ ৰ এটি ভিডিঅ’ আপলোড কৰে ৷আনহাতে কাজলেও টুইটাৰত প্ৰকাশ কৰে ” ৰাজ আৰু ছিমৰাণ ,এখন ছবি,২৫ বছৰ আৰু সেই মৰমবোৰ যেন কেতিয়াও শেষেই নহ’ব ।ছবিখনক ২৫ বছৰত উপনীত কৰোৱা প্ৰত্যেকজন ব্যক্তিলৈ বহুত মৰম” ৷

ৰাজ আৰু ছিমৰানৰ দৰে DDLJ ত বাবুজী ৰ চৰিত্ৰত অভিনয় কৰা অমৰেশ পুৰীৰ অভিনয়ে আমাক আজিও শিহঁৰিত কৰে ৷এজন ভাৰতীয় পিতৃৰ সন্তানক কৰা শাসন আজিও সকলোৰে মনত সজীৱ হৈ আছে।উল্লেখযোগ্য যে আজি DDLJ ৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাত ছ’ছিয়েল মিডিয়াত ছবিখনৰ সকলো কলাকুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

Exit mobile version