নেচনেল টেষ্টিং এজন্সিৰ দ্বাৰা ঘোষণা কৰা হ’ল NEET 2020 পৰীক্ষাৰ ফলাফল । এই পৰীক্ষাত মৃদুল ৰাৱত নামৰ ছাত্ৰজন অনুতীৰ্ণ বুলি মাৰ্কশ্বিটত উল্লেখ থাকে । কিন্তু পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰি OMR sheet আৰু ৰিজাল্টৰ বহী নিৰীক্ষণ কৰাত ST categoryত শীৰ্ষস্থানত নাম আহে মৃদুলৰ ।
উল্লেখ্য যে ১৭ বছৰীয়া ৰাৱত ৰাজস্থানৰ সৱাই মধুপুৰ জিলাৰ গঙ্গাপুৰ চহৰৰ নিবাসী । ১৬ অক্টোবৰত NTAৰ দ্বাৰা ঘোষিত ফলাফলত মৃদুলে লাভ কৰে ৭২০ নম্বৰৰ ভিতৰত লাভ কৰে ৩২৯ নম্বৰ । কিন্তু পুনৰ নিৰীক্ষণ কৰাত ৭২০ নম্বৰৰ ভিতৰত লাভ কৰে ৬৫০ নম্বৰ।
মৃদুলৰ মতে, সৰ্বভাৰতীয় পৰ্যায়ত সাধাৰণ বিভাগৰ তালিকাত ৩৫৭৭ স্থানত আছে মৃদুলৰ নাম । NTAৰ দ্বাৰা ঘোষিত দ্বিতীয় মাৰ্কশ্বিটতো অন্য এক ভুল হয় বুলি মৃদুলে প্ৰকাশ কৰে । দ্বিতীয় মাৰ্কশ্বিটত ৬৫০ নম্বৰৰ ঠাইত কেৱল তিনিশ ঊনত্ৰিশ নম্বৰ শব্দত লিখি পঠায় ।
আনহাতে, NEET 2020 পৰীক্ষাত পূৰ্ণ নম্বৰ লাভ কৰিছে উৰিষ্যাৰ চ’য়েব আফটাব আৰু দিল্লীৰ আকাংক্ষা সিঙে। কিন্তু NTAৰ টাই ব্রেকিং নীতি অনুসৰি আফটাবক প্ৰথম স্থান দিয়া হৈছে আৰু আকাংক্ষাই দ্বিতীয় স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।