অৰুণাচল প্ৰদেশত অসম ৰাইফলছৰ ওপৰত সন্দেহযুক্ত NSCN ৰ গুলীবৰ্ষণ

WhatsApp Image 2020 10 21 at 5.30.45 PM

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত সন্দেহযুক্ত এনএছচিএন (আই এম) বিদ্ৰোহীৰ এটা দলে আসাম ৰাইফলছৰ এটা দলৰ ওপৰত অতৰ্কিতে গুলী বৰ্ষণ কৰে। এই গুলীবৰ্ষণত ছদিদ হয় এজন আসাম ৰাইফলছৰ জোৱান ৷

এই ঘটনাৰ পাছতেই নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত শেহতীয়াকৈ উগ্ৰপন্থীৰ কাৰ্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

চলিত বৰ্ষৰ ৪ অক্টোবৰটো পুৱা ৯.৪০ মিনিটত হোৱা সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত এজন জোৱান ছহিদ হৈছিল। আহত হৈছিল এজন ৷

Exit mobile version