এছ পি সঞ্জীত কৃষ্ণৰ কুকাৰ্য উদঙাই দুই দেহৰক্ষীৰ জৱানবন্দী

d0b9a25faac4251aee5091b5a5eab8694e6784057b02635a604e2cd9fa45018c

প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰে নাম সংযুক্ত হৈ পৰা ৰহস্যময়ী নাৰী এতিয়াও চি আই ডিৰ হাতত পৰা নাই। সেয়েহে অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত সুকীয়া তদাৰকী গোট গঠন কৰিবলৈ বাধ্য হৈছে চি আই ডিয়ে ৷

ৰহস্যময়ী নাৰীৰ সন্ধানত চি আই ডিৰ অভিযানকাৰী গোটৰ অভিযান তীব্ৰতৰ হৈ উঠাৰ সময়তে ফৌজদাৰী বিধিৰ ১৬৪ ধাৰাৰ অধী আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই প্ৰশ্নকাকত ফাদিলৰ নামত কৰা কুকাৰ্য উদঙাই দি আদালতত জৱানবন্দী দিয়ে তেওঁৰ দুই দেহৰক্ষী ক্ৰমে মধুসূদন দাস আৰু চিন্তু বৈশ্যই ৷

চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে “আৰক্ষীৰ উপপৰিদৰ্শক পদৰ প্ৰশ্নকাকত ফাদিলৰ বিনিময়ত কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ স’তে মেছাৰ্ছ অক্ষয় টেলি কমিউনিকেছনৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকাই বিগত জুলাইতে যোগাযোগ কৰাই নহয় প্ৰাৰম্ভিক চুক্তিৰ সময়তে ২০ লাখ টকা আৰু বিভিন্ন মনোৰঞ্জনৰ সমল যোগান ধৰে।

পৰৱৰ্তী পৰ্যায়ত ৰুবুল বাহিনীয়ে ২০ লাখ টকা আদায় দিয়ে ৰুবুল বাহিনীয়ে।লগতে কুমাৰ সঞ্জীত কৃষ্ণই মনোৰঞ্জনৰ সমল লগত লৈ ক’ত কিদৰে ভ্ৰমণ কৰিছে সেই সম্পৰ্কত দুই দেহৰক্ষীয়ে ইতিমধ্যে জেৰাৰ সময়ত চি আই ডিৰ আগত প্ৰকাশ কৰে। তৎস্বত্বেও ধৃত এছ পি সঞ্জীত কৃষ্ণই নিজকে নিৰ্দোষী হিচাপে প্ৰমাণৰ বাবে চেষ্টা চলোৱাৰ সময়তে দুই দেহৰক্ষী ক্ৰমে মধুসূদন দাস আৰু চিন্তু বৈশ্যই আজি ফৌজাদাৰী বিধিৰ ১৬৪ ধাৰাৰ অধীনত আদালতত জবাব বন্দী দিয়ে বুলি সূত্ৰটোৱে উল্লেখ কৰে।

ইফালে আজিও ওৰ পৰা নাই এছ পি কৃষ্ণৰে গভীৰ সম্পৰ্ক থকা ৰহস্যময়ী নাৰীৰ ৰহস্য ।চোৰাংচোৱা সংস্থাৰ ভাষ্যৰ ভিত্তিত এগৰাকী নাৰীক সোধপোচ কৰে যদিও সংশ্লিষ্ট মহিলাগৰাকীয়ে আন মহিলাৰ প্ৰতিহে আঙুলি টোঁৱায় ।ইয়াৰ ভিত্তিতি এছ এছ নামৰ বিশেষ মহিলাৰ সন্ধানত চি আই ডিৰ সুকীয়া গোটটোৰ লগতে চোৰাংচোৱা সংস্থাই অভিযান তীব্ৰতৰ কৰা বুলি সূত্ৰটোৱে উল্লেখ কৰে।

আনহাতে আছুৰ প্ৰাক্তন নেতা তথা প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ অন্যতম এজেন্ট দেৱৰাজ দাসৰ বাসগৃহ তথা বিভিন্ন বেংকৰ লকাৰৰ পৰা ইতিমধ্যে উদ্ধাৰ হৈছে কোটি কোটি টকা ।ইয়াৰ পৰিপ্ৰেক্ষিতত ধৃত দেৱৰাজ নামত থকা তিনিটা বেংক একাউণ্ট জব্দ কৰা বুলি চি আই ডিয়ে জনায় ।

Exit mobile version