মহাৰাষ্ট্ৰত দৈনিক সন্ধানহীন হয় ১০৫ যুৱতী

discover

মহাৰাষ্ট্ৰত প্রতিদিনে ১০৫ গৰাকীকৈ যুৱতী-মহিলা সন্ধানহীন হৈ আহিছে। নেচনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ’ (এন চি আৰ বি) প্রকাশিত তথ্য অনুসৰি এইদৰে ৰাজ্যখনত দৈনিক সন্ধানহীন হােৱা যুৱতী-মহিলাসকলৰ গড়ে ১৭ গৰাকীক প্রতি সপ্তাহত যৌন ব্যৱসায়ত জড়িত হ’বলৈ বাধ্য কৰােৱা হয়।

নাৰী সৰবৰাহ আৰু সন্ধানহীন হােৱাৰ ঘটনাৰ ক্ষেত্ৰত মধ্যপ্রদেশ আৰু পশ্চিমবংগ অতিক্রমী মহাৰাষ্ট্ৰই শীর্ষস্থান দখল কৰিছে। এন চি আৰ বিৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰৰ পৰা সর্বাধিক সংখ্যক নাৰী আৰু শিশু সন্ধানহীন হৈ আহিছে।

সৰবৰাহকাৰীৰ কবলত পৰা প্ৰায় ৯৮ জন লােকৰ ভিতৰত ৮৮ শতাংশই আছিল মহিলা । আনহাতে, ছয় শতাংশ হৈছে শিশু। বিনা পাৰিশ্ৰমিকত শ্রমিক, অংগ সৰবৰাহকাৰী, বলপূর্বক বিবাহ সম্পন্ন, ড্রাগছ সৰবৰাহকাৰী আৰু যৌনকর্মী হিচাপে মহিলা আৰু শিশুৰ সর্বাধিক সৰবৰাহ হৈ আহিছে আৰু এই ধৰণৰ ঘটনা দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত অধিক সংঘটিত হৈছে।

মহাৰাষ্ট্ৰত সৰবৰাহৰ বলি হােৱা ৯৫ শতাংশ যুৱতী-মহিলাক যৌনকর্মীহিচাপে নিয়ােজিত কৰা হয়। ২০১৮ৰ তুলনাত ২০১৯ বৰ্ষত মহাৰাষ্ট্ৰত যুৱতী-মহিলা সন্ধানহীন হােৱাৰ ঘটনা বৃদ্ধি পায়। মহাৰাষ্ট্ৰলৈ সৰবৰাহ হােৱা যুৱতী আৰু কিশােৰীসকলৰ সৰহ সংখ্যককে মুম্বাই, পুনে আৰু নাগপুৰৰ গণিকালয়লৈ প্ৰেৰণ কৰা হয়। মানৱ সৰবৰাহকাৰীৰ এক বিশাল নেটৱৰ্ক মহাৰাষ্ট্ৰত সক্রিয় হৈ আছে।

Exit mobile version