হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ সন্দৰ্ভত প্ৰশ্ন কৰি চাকৰিৰ পৰা বৰ্খাস্ত হ’ল JNMCH ৰ দুজন চিকিৎসক

929497 hathras protest2

উত্তৰ প্ৰদেশৰ হাথৰছত বিগত মাহত হোৱা দলবদ্ধ ধৰ্ষণৰFSL প্ৰতিবেদনৰ সন্দৰ্ভত প্ৰশ্ন কৰা কাৰণে আলীগড়ৰ চিকিৎসক ডা° আজীম মালিকক জৱাহৰলাল নেহেৰু মেডিকেল কলেজৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

ডা° মালিক জৱাহৰলাল নেহেৰু মেডিকেল কলেজৰ জৰুৰীকালীন সেৱাৰ বিষয়াৰ পদত নিয়োজিত আছিল ।হাথৰছৰ পীড়িতাৰ MLC ৰ প্ৰতিবেদন ড° মালিকৰ দলটোৱেই তৈয়াৰ কৰিছিল ।আনহাতে ডা° মালিকৰ উপৰিও তেওঁৰ সহযোগী ডা° অ’বিদ হক নামৰ চিকিৎসক গৰাকীকো কৰ্মৰ পৰা বৰ্খাস্ত কৰিছে কৰ্তৃপক্ষই ।

উত্তৰ প্ৰদেশৰ পুলিছৰ মন্তব্য অনুসৰি হাথৰছ পীড়িতাৰ লগত ধৰ্ষণ হোৱা নাছিল। এই সন্দৰ্ভত ডা° মালিকৰ অনুসৰি FSL ৰ চেম্পল লোৱা হৈছিল ১১ দিনৰ পাছত ৷আনহাতে চৰকাৰী গাইডলাইন অনুসৰি ধৰ্ষণৰ ৯৬ ঘন্টাৰ ভিতৰত চেম্পল লোৱা হ’লেহে উপযুক্ত প্ৰমাণ উপলব্ধ হয় ।

মংগলবাৰে JNMCH ৰ CMO ডা° শ্বাহ জেড্ডীয়ে এখন পত্ৰ লিখি দুয়োগৰাকী চিকিৎসক কৰ্মৰ পৰা বৰ্খাস্ত কৰাৰ সন্দৰ্ভত সদৰী কৰে ।

Exit mobile version