চামতা, বেলশৰ, বিহামপুৰ,সাহপুৰ, বৰনৰ্দ্দী, ককয়া, বাটসৰ, কৈঠালকুছি অঞ্চলৰ ৯ খন ৰাজহুৱা শাৰদীয় দুৰ্গা পূজা মণ্ডপত জাক জমকতা বিহীনভাৱে, বৈদিক নীতি নিয়মৰ মাজেৰে ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰা প্ৰথাৰে পাঁচ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱ ।
অসম তথা উত্তৰ পূৱ ভাৰতৰ ইতিহাস প্ৰসিদ্ধ আৰু ঐতিহ্যমণ্ডিত বিলেশ্বৰ দেৱালয়ত প্ৰতিপদ তিথিৰ দহ দিনীয়াকৈ আৰম্ভ হোৱা শাৰদীয় দুৰ্গাপূজাত আজি দুপৰীয়া ১ বজাত বেলশৰৰ নাতিদূৰৰ ককয়া ঢকুৱাবান্ধাৰ পৰা শোভাযাত্ৰা কৰি দোলাত অনা হয় ৰাম কল গছৰূপী মা দেৱীক । পূৰ্বৰ দৰে মহানৱমী পূজাত এইবাৰ নহ’ব ভক্তই আগবঢ়োৱা ম’হ বলি । ইয়াৰ বিপৰীতে দেৱালয় কৰ্তৃপক্ষৰ পৰা সকলােৰে মংগলৰ বাবে আৰু কৰ’না অতিমাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ কামনাৰে এটা ম’হ বলি দিয়া হ’ব । ইয়াৰ উপৰিও পূজাৰ প্ৰতিটো দিনতে অতি প্রাচীন এই দেৱালয়ত বহু লক্ষ ভক্তৰ সমাহাৰ ঘটে যদিও এইবাৰ সম্পূর্ণ ক’ভিড প্ৰট’কল মানিহে ভক্ত দর্শনার্থীয়ে পূজাথলীত প্ৰৱেশ কৰিব পাৰিব ।
কামাখ্যাৰ পিছতে দ্বিতীয়খন শৈৱ শক্তিপীঠ বিলেশ্বৰ দেৱালয়ত এইবাৰ প্ৰথমবাৰৰ বাবে অনাড়ম্বৰপূৰ্ণ ভাৱে কিন্তু পৰম্পৰাগত ৰীতি-নীতি অনুসৰি পূজাভাগ কৰা হ’ব । আনহাতে, আজি পুৱা পতাকা উত্তোলন, গছপুলি ৰােপণ, স্মৃতি তর্পণ আৰু সন্ধিয়া ষষ্ঠীৰ বেদীত দেৱীক প্রতিষ্ঠা কৰি পাঁচ দিনীয়া কার্যসূচীৰে আৰম্ভ হয় ১০১ সংখ্যক শাৰদীয় দুর্গোৎসৱ ।
বিহামপুৰ বাৰােৱাৰী দুর্গাপীঠতো কালিৰে পৰা আৰম্ভ হয় ছয় দিনীয়া শাৰদীয় দুর্গা পূজা । কালি সন্ধিয়া ৭-৪৫ বজাত স্থানীয় বিধায়ক তথা মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰে শাৰদীয় দুর্গোৎসৱ।আজি সন্ধিয়া ষষ্ঠীৰ বেদীত দেৱীক প্রতিষ্ঠা কৰি ককয়া সার্বজনীন দুর্গাপূজা আৰম্ভ হয়।