ষষ্ঠীদিনাই মহানগৰবাসীৰ কাৰণে ৰাজ্য চৰকাৰৰ বিশেষ উপহাৰ

WhatsApp Image 2020 10 21 at 5.38.11 PM

শাৰদীয় দুৰ্গোৎসৱত মহানগৰবাসীৰ কাৰণে গণেশগুৰিৰ নৱনিৰ্মাণ উৰণীয়া সেতুখন উপহাৰ হিছাপে আগবঢ়ালে ৰাজ্য চৰকাৰে ৷৪২৫.৫০ মিটাৰৰ নৱনিৰ্মীত উৰণীয়া সেতুখন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ আজি বিষ্ণুৰাভা উৰণীয়া সেতু সংযোগী গণেশগুৰি নৱনিৰ্মীত উৰণীয়া সেতুখনৰ উদ্ধোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় “আমাৰ বাবে এইয়া এক প্ৰাপ্তি ৷আধাৰশিলা এক সংকল্প আৰু উদ্ধোধনী এক সিদ্ধি ৷গতিকে সংকল্পক সিদ্ধিলৈ লৈ যোৱাটো এক প্ৰাপ্তি৷”

ইফালে ১৯ মাহতে সম্পূৰ্ণ কৰা ৫৮.৭৮ কোটি টকীয়া  গণেশগুৰিৰ উৰণীয়া সেতুখন নিৰ্ধাৰিত সময়ৰ আগতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ কাৰণে লোকনিৰ্মাণ বিভাগ আৰু গৌতম কনষ্ট্ৰাকশ্যনক ধন্যবাদ জনায় ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে গুৱাহাটীৰ বাকী নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনৰ কাম নিৰ্ধাৰিত সময়ৰ আগতেই সম্পূৰ্ণ কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী ড° শৰ্মাই।

আনহাতে ৰাজ্যত ১৬ খন উৰণীয়া সেতুৰ পৰিকল্পনা কৰা হৈছে বুলি কয় মন্ত্ৰী শৰ্মাই। মন্ত্ৰী ড° শৰ্মাই কয় “উৰণীয়া সেতুৰ ক্ষিপ্ৰগতিৰ নিৰ্মাণে আত্মবিশ্বাসী অসমক প্ৰতীকি ৰূপত ডাঙি ধৰিছে ৷”এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে পৰিবহনেই পৰিৱৰ্তন ৷গতিকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহালোকে যাতে গুৱাহাটীত যানবাহনৰ কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে সেই সন্দৰ্ভত পৰিকল্পনা কৰাৰ কথা কয় মুখ্যমন্ত্ৰী সোনোৱালে।

মুখ্যমন্ত্ৰী সোনোৱালে ক্ষিপ্ৰতাৰে উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ কাৰণে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় সকলো বিষয়াক ধন্যবাদ জনায়। উল্লেখযোগ্য যে উৰণীয়া সেতুৰ উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

Exit mobile version