পূজাৰ বিশেষ

Sibangi sarma

“মই সৰুৰে পৰাই নৃত্য আৰু খেলত জড়িত হৈ আহিছাে । যিকোনাে উৎসৱৰ বতৰতাে আমাৰ প্রশিক্ষণ চলিয়ে থাকে। সেইবাবে উৎসৱৰ আনন্দ উপভােগৰ পৰা আঁতৰি থাকিবলগীয়া হয়। তদুপৰি প্ৰশিক্ষণৰ বাবে দিল্লীত বেছিভাগ সময় অতিবাহিত কৰিছাে। সেইবাবে এইবাৰাে শাৰদীয় দুর্গোৎসৱ বুলি বিশেষ তেনে অনুভৱ হােৱা নাই। স্বাভাৱিক সময়ৰ দৰেই অনুভৱ হৈ আছে। অৱশ্যে দুর্গা পূজাৰ সময়ত সাধাৰণতে মানুহৰ মাজত যি বজাৰ-সমাৰ কৰা দৌৰা-দৌৰি, বজাৰৰ ভিৰ আদি এইবাৰ একেবাৰেই দেখা নাই । কৰ’না আতংকৰ বাবে মানুহে শংকাত ভুগিয়ে বজাৰ আদিত ভিৰ কৰা নাই। দিল্লীত মই অনুশীলন কৰি থাকোতে তলাবন্ধ হােৱাত গুৱাহাটীলৈ উভতি আহাে। ছেপ্টেম্বৰত ছিংগাপুৰ অ’পেন সাঁতােৰ প্ৰতিযােগিতাত অংশগ্রহণ কৰাৰ কথা আছিল যদিও কৰ’নাৰ বাবে প্রতিযােগিতা বাতিল হােৱাত মনটো বেয়া লাগিছে। অৱশ্যে গুৱাহাটীলৈ উভতি আহি বর্তমান আই অ’ চি এলত প্রশিক্ষণ গ্রহণ কৰি আছাে। এনে ধৰণৰ ব্যস্ততাৰ বাবে বিশেষ শাৰদীয় অনুভৱ হােৱা নাই ।

“বিশেষ কার্যসূচী গ্রহণ কৰা নাই। স্বাভাৱিকভাৱেই অনুশীলনত ব্যস্ত থাকিম। অৱশ্যে এইকেইদিন মই সত্ৰীয়া নৃত্যৰ অনুশীলনতাে ব্যস্ত আছাে। তলাবন্ধত ঘৰলৈ উভতি আহি পুনৰ নৃত্য আৰম্ভ কৰিছাে। মই আগতে সত্ৰীয়া নৃত্য শিকিছিলাে। অৱশ্যে খেলত বেছি সময় অতিবাহিত কৰিবলগীয়া হােৱা বাবে নৃত্যৰ অনুশীলনৰ পৰা আঁতৰি আছিলাে।এইকেইদিন সত্ৰীয়া নৃত্যত পুনৰ মনোনিবেশ কৰিছো।”

আমাৰ বিশেষ বন্ধ নাই । প্ৰশিক্ষণ সদায় চলি থাকিব । পৰিয়ালৰ স’তে সময় কটাম ।”

Exit mobile version