বিশ্বৰ ৩৫ কোটি শিশুৱে চৰম দৰিদ্ৰতাৰ কবলত বিপর্যস্ত জীৱন কটাইছে

Screenshot 19

বিশ্বৰ প্রতি ছটি শিশুৰ ভিতৰত এটি শিশুৱে চৰম দৰিদ্ৰতাৰ মাজত বসবাস কৰিবলৈ বাধ্য হৈছে। সংখ্যাৰ ফালৰ পৰা ক’বলৈ হ’লে ৩৫ কোটি ৬০ লাখ শিশুৱে স্বাভাৱিক জীৱন পাৰ কৰিবলৈ সক্ষম হােৱা নাই । বিশ্ব বেংক তথা ৰাষ্ট্ৰসংঘৰ শিশুনিধিৰ এক সমীক্ষাত এই কৰুণ পৰিস্থিতি পােহৰলৈ আহিছে ।

সমান্তৰালভাৱে ‘গ্ল’বেল এষ্টিমেট অৱ চিলড্রেন ইন মণিটাৰি পভার্টি : অন আপডেট’ৰ পৰা প্রকাশিত এক প্রতিবেদনত পােহৰলৈ অহা তথ্য অনুসৰি আফ্রিকাৰ ছাহাৰ অঞ্চলৰ দুই-তৃতীয়াংশ শিশুৰ পৰিয়ালৰ দৈনিক আয় ১.৯০ ডলাৰতকৈও কম। ইয়াতকৈ কিন্তু দক্ষিণ এছিয়াৰ শিশুসকলৰ অৱস্থা কিছু হ’লেও উন্নত । দক্ষিণ এছিয়াত প্রতি পাঁচটা শিশুৰ ভিতৰত এটি শিশুৱে দৈন্যতাৰ মাজত জীৱন অতিবাহিত কৰি আছে । ২০১৩ৰ পৰা ২০১৭ৰ মাজত সময়ছােৱাত শিশুসকলৰ অর্থাভাৱৰ যথেষ্ট উন্নতি হৈছিল।

উক্ত সময়ছােৱাত কমেও দুই কোটি ৯০ লাখ শিশুৰ আর্থিক অৱস্থালৈ পৰিৱৰ্তন আহিছিল; কিন্তু যােৱা কে’বা মাহ ধৰি কৰ’না পৰিস্থিতিৰ বাবে বিশ্ব অর্থনীতি অৱনমিত হয়। ফলত শিশুসকল পুনৰ নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। বিশ্বৰ কোনাে কোনাে প্রান্তত শিশুসকলৰ অৱস্থা পূর্বতকৈও অধিক বেয়া হােৱাটোহে দেখিবলৈ পােৱা গৈছে। এই শিশুসকলৰ ভিতৰত ২০ শতাংশৰ বয়স পাঁচ বছৰতকৈও কম। ইয়াৰে অধিক সংখ্যক আকৌ উন্নয়নশীল দেশৰ বাসিন্দা ।

ইউনিচেফৰ পৰা জনােৱা অনুসৰি ছটি শিশুৰ ভিতৰত এটি শিশুৱে চৰম দৰিদ্ৰতাৰ মাজত বসবাস কৰি থকাৰ অৰ্থ হ’ল, শিশুটিয়ে প্রাণটো ৰক্ষা কৰিবলৈকেই সংগ্রাম কৰিবলগীয়া হৈছে। এনে অৱস্থাৰ মাজতে কৰ’নাই শিশুসকলৰ দুর্গতি অধিক বৃদ্ধি কৰিলে। ইয়াৰ মাজতে আকৌ গৃহবন্দী হ’বলৈ আগবাঢ়িছে ইউৰােপ । অর্থনীতি স্বাভাৱিক কৰি ৰাখিবলৈ আপ্রাণ চেষ্টা চলাই যাবলগীয়া হৈছে বহু দেশে ।

বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তথ্য অনুসৰি কৰ’নাত আক্রান্ত হােৱা লােকৰ সংখ্যাই চলিত সপ্তাহত ইউৰােপত নতুন অভিলেখৰ সৃষ্টি কৰিছে । ইউৰােপত এক সপ্তাহতে ন লাখ ৭২ হেজাৰজনে নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে । নিশ্চিত সংক্রমণৰ অন্তত ২৫ শতাংশলৈ বৃদ্ধি পাইছে। মহাদেশখনত । বিশ্বত নতুনকৈ কৰ’নাত আক্রান্ত হােৱাসকলৰ ভিতৰত ৩৮ শতাংশই ইউৰােপৰ ।

ইয়াৰে আধাতকৈ অধিক আক্ৰান্ত হৈছে ৰাছিয়া, চেক ৰিপাব্লিক আৰু ইটালীত । শ্ল’ভেনিয়াৰ দৰে সৰু দেশত এক সপ্তাহতে ১৫০ শতাংশলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যাই। ইউৰােপত মৃত্যুৰ ক্ষেত্ৰত আগবাঢ়ি আছে ইংলণ্ড । দেশখনত ৪৩,৯৬৭ জনৰ কৰ’নাত মৃত্যু হৈছে। ইংলণ্ডত কৰনাৰ দ্বিতীয় সংক্ৰমণত বৰিছ জনছনৰ চৰকাৰাে সংকটৰ মুখত পৰিছে। পুনৰ তলাবন্ধৰ কথা চিন্তা কৰিছে জনছন চৰকাৰে ।

দেশখনৰ জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰাৰ লগতে তলাবন্ধ দিলে ফল ভােগ কৰিব লাগিব বুলিও সকীয়াই দিছে । ইউৰােপৰ উত্তৰৰ প্রতিখন চহৰতে বিক্ষোভৰাে সৃষ্টি হৈছে। ইংলণ্ডত ব্যৱসায় বন্ধ হােৱাৰ ক্ষতি স্বৰূপে দুই-কোটি ২০ লাখ পাউণ্ডৰ অর্থ সাহায্য প্রদান কৰা হৈছে । গ্রেটাৰ মানচেষ্টাৰ পৰা ছাউথ ইক’শ্বায়াৰ পর্যন্ত ইতিমধ্যে কৰ’না স্বাস্থ্য বিধি কঠোৰভাৱে পালন কৰিবলৈকো নির্দেশ জাৰি কৰা হৈছে ।

Exit mobile version