Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পুৰণিগুদামৰ ১১৯বছৰীয়া কাঠৰ প্ৰতিমা প্ৰতিমাৰ সলনী ঘট স্থাপন কৰি দুৰ্গা পূজা

publisher by publisher
October 23, 2020
in Assam, Puja, Spirituality
Reading Time: 1 min read
0
পুৰণিগুদামৰ ১১৯বছৰীয়া কাঠৰ প্ৰতিমা প্ৰতিমাৰ সলনী ঘট স্থাপন কৰি দুৰ্গা পূজা
18
SHARES
177
VIEWS
ShareShareShareShare

প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত ৰাজ্য বাসীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে নগাঁও জিলাৰ পুৰণিগুদামৰ শতবৰ্ষ গৰকা কাঠৰ প্ৰতিমা।১৯০১তে এই দেৱী প্ৰতিমা কাঠেৰে নিৰ্মাণ কৰিছিল প্ৰসিদ্ধ শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খণিকৰে।১১৯বছৰ গৰকা এই কাঠৰ প্ৰতিমাকলৈ ৰাজ্যবাসীৰ কৌতুহলৰ সীমা নোহোৱা হৈছিল।পুৰণিগুদামত ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিঁতেই অনুষ্ঠিত হৈ অহা এই দুৰ্গা পূজা উজনীৰ পৰা নামনিলৈ আৰু নামনিৰ পৰা ওজনীলৈ আহ যাহ কৰা ৰাইজে এখন্তেক ৰৈ হ’লেও চাই যায়।

ADVERTISEMENT

কিন্তু এইবাৰ অতিমাৰী কৰ’নাসৃষ্ট ভয়ংকৰ পৰিস্থিতি,ক’ভিড প্ৰট’কল আদিৰ বাবে পূৰ্বৰ দৰে ১১৯বছৰীয়া ইতিহাস প্ৰসিদ্ধ কাঠৰ প্ৰতিমা ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰি অনুষ্ঠিত কৰা নহ’ল পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত পূজা মণ্ডপত। স্মৰ্তব্য যে, পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত পূজা সমিতি খনে যোৱা ২৭ছেপ্টেম্বৰত অনুষ্ঠিত কৰা সভাৰ সিদ্ধান্ত মৰ্মে অতিমাৰী কৰ’নাৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰী সকলো নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক জনসমাগম এৰাই চলাৰ স্বাৰ্থত ১১৯বছৰীয়া ইতিহাস প্ৰসিদ্ধ কাঠৰ প্ৰতিমাৰ পৰিৱৰ্তে পূজাৰ বেদীত ঘট স্থাপন কৰি অতি অনুষ্টুপীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰি কেৱল ধৰ্মীয় পৰম্পৰাহে ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

আনকি ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পূজা মণ্ডপত প্ৰসাদ,ভোগ আদি বিতৰণ নকৰাৰো সিদ্ধান্ত লয়।লগতে পূজাৰ সময়ত ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষে দোকান পোহাৰ দিয়াতো নিষেধাজ্ঞা আৰোপ কৰে।কেৱল কৰ’না ভাইৰাছৰ ভয়াৱহতা,কৰ’নাসৃষ্ট ভয়ংকৰ পৰিস্থিতিৰ বাবেই এইবাৰ ৰাজ্যবাসী পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত ১১৯বছৰীয়া কাঠৰ প্ৰতিমা দৰ্শনৰ পৰা বঞ্চিত হ’ব লগীয়া হয়।এইবাৰ এই পূজা মণ্ডপত কেৱল ঘট স্থাপন কৰি অনুষ্টুপীয়াকৈ যোৱা কালিৰে পৰা অতি অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা।সেয়েহে এইবাৰ পুৰণিগুদামৰ ৰাইজৰ লগতে নগাঁও জিলাৰ ৰাইজৰো মন বেদনাৰে ভাৰাক্ৰান্ত।
স্মৰ্তব্য যে,বৃটিছৰ শাসন কালত নগাঁও জিলাৰ সদৰ স্থান আছিল পুৰণিগুদাম।জানিব পৰা মতে, এই পুৰণিগুদামত ১৮৫৫ৰ পৰাই শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে।প্ৰথমাৱস্থাত পুৰণিগুদামৰ গায়ন বৈৰাগী চুক গাঁৱৰ বৰনামঘৰৰ কাষত অস্থায়ী মণ্ডপত এই দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল।পৰৱৰ্তী সময়ত পুৰণিগুদামৰ প্ৰাণকেন্দ্ৰ ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষলৈ পূজাৰ স্থান সলনি কৰা হয়।পিছলৈ সেই স্থানতেই পুৰণিগুদামৰ ৰাইজে গঢ়ি তোলে পুৰণিগুদামৰ স্থায়ী দুৰ্গা মন্দিৰ।এই পূজাৰ বাবে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছিল

প্ৰসিদ্ধ শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খণিকৰে।পৰম্পৰা অনুসৰি দশমীৰ দিনা দেৱী প্ৰতিমা পুৰণিগুদামৰ কাষৰে বৈ যোৱা কলং নৈত বিসৰ্জন দিয়া হৈছিল।অশেষ কষ্টৰে নিৰ্মাণ কৰি প্ৰাণৱন্ত কৰি তোলা দেৱী প্ৰতিমাক কলঙত বিসৰ্জন দিয়া কাৰ্যই শিল্পী গৰাকীৰ মনত খুৱেই আঘাত দিছিল।সেয়েহে তেওঁ মনতে থিৰাং কৰিলেযে তেওঁ পূজাৰ বাবে এনেকুৱা দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিব সি স্থায়ী হ’ব আৰু সেই প্ৰতিমা বিসৰ্জন দিব লগীয়াও নহ’ব।সেইয়া ১৯০০ৰ কথা।সেই বৰ্ষটোত দুৰ্গা পূজা অনুষ্ঠিত হৈ যোৱাৰ পিছতেই লেশধৰ শৰ্মা ওৰফে লেৰেলা খণিকৰে তেওঁৰ ঘৰৰ বাৰীতে থকা বেল, নিম ,কঠাল গছ কাটিসেই কাঠৰেই পূজাৰ বাবে প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ কৰে।সেইখিনি কাঠেৰে তেওঁ দেৱী দুৰ্গাৰ লগতে লক্ষ্মী, সৰস্বতী, গনেশ, কাৰ্তিক, তেওঁলোকৰ।বাহন সমূহ যেনে সিংহ,ৰাজহাঁহ, ফেঁচা,ময়ূৰ,নিগনি আদি নিৰ্মাণ কৰে।সেই কাঠৰেই মহিষাসুৰৰ শৰীৰটো নিৰ্মাণ কৰিলেও প্ৰয়োজনীয় কাঠৰ অভাৱত মূৰটো নিৰ্মাণ কৰিব পৰা নাছিল।ইয়াকে লৈ তেওঁ গভীৰ চিন্তাত পৰে।

সেই চিন্তা-ভাৱনাৰ মাজতে এদিন নিশা তেওঁ শুই থাকোতে সপোনত তেওঁ দেখা পায়যে তেওঁ কলং নৈত গা ধূবলৈ গ’লে তাত এটুকুৰা কাঠ পাব আৰু সেই কাঠ টুকুৰাৰেই মহিষাসুৰৰ মূৰটো নিৰ্মাণ কৰি আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব।অতি আশ্চৰ্য জনক ভাৱে তেওঁৰ সপোন দিঠকত পৰিণত হয়।পিছ দিনা পুৱা লেৰেলা খণিকৰে কলং নৈত গাধূবলৈ যাঁওতে সংচাকৈয়ে কলং নৈৰ ঘাটতত এটুকুৰা প্ৰকাণ্ড কাঠ উটি অহা প্ৰত্যক্ষ কৰে।কলঙৰে উটি অহা অচিন কাঠ টুকুৰা তেওঁ নদীৰ পৰা উঠাই ঘৰলৈ লৈ যায়।সেই স্বপ্নদৃষ্ট কাঠ টুকুৰাৰ পৰাই লেৰেলা খণিকৰে মহিষাসুৰৰ মূৰটো নিৰ্মাণ কৰি আধৰুৱা কাম সম্পূৰ্ণ কৰি তোলে।প্ৰায় এবছৰ কাল অশেষ কষ্টৰে লেৰেলা খণিকৰে নিৰ্মাণ কৰি তোলা সেই কাঠৰ প্ৰতিমা ১৯০১চনত ৰাইজৰ হাতত অৰ্পণ কৰে।ৰাইজেও পৰম আনন্দিত হৈ সেই বছৰ পুৰণিগুদামৰ পূজাত লেৰেলা খনিকৰৰ যাদুকৰী সৃষ্টি কাঠৰ প্ৰতিমা প্ৰতিষ্ঠা কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰে।সেই পূজাত লেৰেলা খণিকৰে নিজেই আগভাগ লৈছিল।

তেতিয়াৰ পৰা এতিয়ালৈকে পুৰণিগুদামৰ পূজাত লেৰেলা খণিকৰে নিৰ্মাণ কৰা কাঠৰ প্ৰতিমাৰেই দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা হৈছে।এইবাৰ ইতিহাস প্ৰসিদ্ধ লেৰেলা খণিকৰৰ কাঠৰ প্ৰতিমাই ১১৯বছৰ গৰকিছে।স্মৰ্তব্যযে, লেৰেলা খণিকৰে নিৰ্মাণ কৰা দুৰ্গা আৰু আন দেৱ দেৱীৰ মূৰ্ত্তি সমূহৰ বিশেষত্ব হ’ল ইয়াৰ ভাঁজৰ কাঠৰ জোৰা সমূহ।সেই বোৰ বেলৰ আঠা, ছাগলীৰ কেঁচা লাড, উঁইহাফলুৰ মাটিৰে অতি নিখুঁত ভাৱে জোৰা লগোৱা হৈছিল।প্ৰথমাৱস্থাত লেৰেলা খণিকৰে পূজাৰ আগে আগে কেৰ্কেটুৱাৰ নেজৰ নোমৰ সহায়ত প্ৰতিমা সমূহত ৰং দিছিল যদিও তেওঁৰ বিয়োগৰ পাছত সেই কাম তেওঁৰ পুত্ৰই, পাছত নাতিয়ে আৰু এতিয়া আজো নাতিয়ে সেই মূৰ্তি সমূহৰ ৰূপ সজ্জা, সাজ সজ্জাৰ কামকৰি আহিছে।পুৰণিগুদামৰৰদুৰ্গা পূজাত লেৰেলা খণিকৰৰ বিস্ময়কৰ সৃষ্টি প্ৰত্যক্ষ কৰিবলৈকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ-বিদেশৰো বহু ভক্তৰ আগমণ ঘটে। কিন্তু এইবাৰ অতিমাৰী কৰ’নাসৃষ্ট ভয়ংকৰ পৰিস্থিতিৰ বাবে এই কাঠৰ প্ৰতিমা বেদীত প্ৰতিষ্ঠা কৰি পূজা অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে কেৱল ঘট স্থাপন কৰি অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamDurga PujaNagaon
publisher

publisher

Related Posts

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ

Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d