এছ আই কেলেংকাৰীত লেনদেন হোৱা কোটি কোটি টকা কাৰ হাতত ?

11kajalgaon

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ বিনিময়ত বৃহৎ সংখ্যক প্রার্থীৰ পৰা দালাল চক্রই সংগ্রহ কৰা ধন কাৰ হাতত? এই কেলেংকাৰিত এশ কোটি টকাৰ লেনদেন হােৱাৰ তথ্য প্রকাশ পাইছে যদিও তাৰে নামমাত্র টকাহে উদ্ধাৰ হৈছে। আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)ৰ উচ্চস্তৰীয় সূত্রই কয় যে ইয়াৰ তদন্তকালত অ’ৰ-ত’ৰ পৰা যি ধন উদ্ধাৰ হৈছে তাৰে একাংশৰ এছ আই কেলেংকাৰিৰ লগত সম্পর্ক নাই।

একেদৰে একাংশ দালালৰ জিম্মাৰ পৰা জব্দ কৰা বহু সা- সম্পত্তিৰাে এই কেলেংকাৰিৰ লগত সম্পর্ক নাই। অৱশ্যে সেইবােৰাে বিভিন্ন দুর্নীতি-কেলেংকাৰি জৰিয়তেই সংগ্রহ কৰা। এনে ক্ষেত্ৰত উপ-পৰিদৰ্শক কেলেংকাৰিৰ লগত প্রত্যক্ষ সম্পর্ক থকা ধন এই পর্যন্ত উদ্ধাৰ হােৱা নাই।সেইবােৰ এই পর্যন্ত ধৰা নপৰা দালাল আৰু অন্যান্য লােকৰ হাতত জমা আছে। গতিকে তেনে লােকৰ সন্ধান চলাই থকা হৈছে বুলি সূত্ৰটোৱে জনায়। এই পর্যন্ত সন্ধান ওলােৱা নাই ধৃত নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই এগৰাকী মহিলাক হস্তান্তৰ কৰা ৪০ লাখ টকাৰাে।

আৰক্ষী বিষয়াজনৰ হাতত ইয়াতকৈয়াে অধিক ধন মজুত থকাৰ আশংকা কৰা হৈছে; কিন্তু তেনে ধনৰাে শুংসূত্র নােলােৱাটো ৰহস্যজনক হৈ পৰিছে। সেয়েহে আৰক্ষী বিষয়াজনক অধিক জেৰাৰ প্ৰয়ােজন আছে। অৱশ্যে আৰক্ষীৰ সূত্ৰই জনায় যে ন্যায়িক জিম্মাত থাকিলেও প্রয়ােজন সাপেক্ষে সঞ্জীত কৃষ্ণকে ধৰি আন অভিযুক্তসকলকো জেৰা কৰা হ’ব। ইপিনে, সঞ্জীত কৃষ্ণৰ ধন লৈ যােৱা বিশেষ মহিলাগৰাকীৰ সন্ধানাে ওলােৱা নাই। এই সন্দৰ্ভত এক সূত্রই জনায় যে ধৃত আৰক্ষী অধীক্ষকজনৰ লগত কে’বাগৰাকীও সন্দেহযুক্ত মহিলাৰ লগত ঘনিষ্ঠতা থকাৰ তথ্য পােহৰলৈ আহিছে। সেইসকলক নজৰবন্দীত ৰখা হৈছে।

তাৰ মাজৰে এগৰাকীক সােধপােছ কৰা হয় যদিও সেইগৰাকীয়েই যে ধন সৰবৰাহত জড়িত আছিল তাৰ স্পষ্ট তথ্য নাই। আনহাতে, নজৰবন্দীত থকা এগৰাকী মহিলাৰ দিছপুৰতাে বিশেষ প্রভাৱ থকাৰ প্রাথমিক তথ্য উদ্ধাৰ হৈছে।

শীঘ্ৰে সংশ্লিষ্ট মহিলাগৰাকীক সােধপােছ কৰাৰ সম্ভাৱনা আছে; কিন্তু বিশেষ কাৰণত সেয়া সম্ভৱ হ’ব নে নাই তাক লৈয়াে আশংকা ব্যক্ত কৰিছে আৰক্ষী সূত্রই। কাৰণ এই কেলেংকাৰিত কোনােবা নহয় কোনােবা প্রকাৰে নাম সাঙোৰ খাই থকা কে’বাজনাে সন্দেহজনক লােকক এই পর্যন্ত আৰক্ষীয়ে সােধপােছ কৰাটো বাদেই, কাষেই চাপিব পৰা নাই।

Exit mobile version