নগাঁও জিলাৰ ধিঙৰ ডুমডুমীয়াত নিশা জব্দ বৃহৎ পৰিমাণৰ চুৰি দাইল আৰু চয়াবিন

IMG 20201025 110530

নগাঁও জিলাৰ ডুমডুমীয়াত শনিবাৰে নিশা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চুৰি দাইলৰ বেগ । যি সময়ত ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় সামগ্রীৰ আকাংলঙ্ঘী মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে, সেই সময়ত ধিঙৰ ডুমডুমীয়াত নিশা জব্দ হোৱা চুৰি সামগ্রী উদ্ধাৰ হোৱা ঘটনাক কেন্দ্র কৰি সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।

গুৱাহাটী বশিষ্ঠ আৰক্ষী আৰু ডুমডুমীয়া আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হয় ডুমডুমীয়া জেঙনীৰ ছাহজাহান আলী নামৰ এজন লোকৰ গুদামত ৪৫৫ বেগ দাইল আৰু ৩৭৫ বেগ চয়াবিন।
উদ্ধাৰ হোৱা সামগ্রী সমূহৰ মূল্য ১৫ লক্ষাধিক টকা ।

ঘটনা সন্দৰ্ভত ইছমাইল আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় । ধৃত ইছমাইল আলীৰ ঘৰ বৰপেটাত । উদ্ধাৰ হোৱা দাইল আৰু চয়াবিন খিনি শিলচৰৰ ব্যৱসায়ী আশীষ দত্তৰ । চুৰি সামগ্রী খিনি এখন ট্ৰাকেৰে গুৱাহাটীৰ পৰা শিলচৰলৈ প্ৰেৰণ কৰিছিল ।

আনহাতে, ব্যৱসায়ী ছাহজাহান আলী সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

Exit mobile version