নাজিৰাৰ এজন ছাত্ৰই শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি অলপ পৃথককৈ অংকন কৰিছে দেৱী মা দুৰ্গাৰ চিত্ৰ । নাজিৰা মেজেঙ্গাৰ মুকিবুৰ ৰহমানে শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি ঘৰতে থাকি ধান, চাউল, দাইল, জলকীয়া গুৰি আৰু বিভিন্ন সামগ্ৰীৰে অংকন কৰি উলিয়াইছে দেৱী মা দুৰ্গাৰ চিত্ৰ। ইয়াৰ পূৰ্বেও মুকিবুৰে দাইল চাউলেৰে ভাৰতৰ মানচিত্ৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ চিত্ৰ অংকন কৰিছিল ।
ADVERTISEMENT
উল্লেখ্য যে মুকিবুৰে কোনো প্ৰশিক্ষণ নোলোৱাকৈ এইদৰে ধান, চাউল দাইলেৰে অংকন কৰি আহিছে বিভিন্ন চিত্ৰ । বৰ্তমান নাজিৰা বালিঘাটৰ VED ACADEMYৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ মুকিবৰে সাংবাদিকৰ আগত ভৱিষ্যতে এজন চিত্ৰশিক্ষক হোৱাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰে ।