দশৰা উদযাপনৰ মাজতে দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা দুগুণ বৃদ্ধি

WhatsApp Image 2020 10 26 at 2.39.38 PM

দেওবাৰে দশৰা উদযাপনত ফটকা ফুটুৱাৰ বাবে দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায় । দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণ কমিটিৰ তথ্য অনুসৰি পাঁচটা মণিটৰিং ষ্টেছনত বতাহৰ গতিৰ হিচাপত প্ৰদূষণৰ মাত্ৰা বিষয়টি লক্ষ্য কৰা হৈছে । স্থিৰ আৰু নিম্ন স্থিতিশীল অৱস্থাত প্ৰতি চেকেণ্ডত ০.১ আৰু ১ মিটাৰ । পটপড়গঞ্জ, ইণ্ডিয়া গেট, দ্বাৰকা, নজফগড় আৰু মুণ্ডকাত পাঁচটা স্থানত অধিক বায়ু প্ৰদূষণ হৈছিল।

আনহাতে, কৰ’না ভাইৰাছ মহামাৰীৰ সংক্ৰমণৰ বাবে এইবছৰ দুৰ্গোৎসৱ অনুষ্টুপীয়াকৈ পালন কৰা হৈছিল । আগৰ বৰ্ষৰ তুলনাত দশৰাত ৰাৱণ দাহত ৰাৱণৰ মূৰ্তি কমকৈ দাহ কৰাৰ লগতে কম ফটকা ফুটুৱা হয় ।

মন কৰিবলগীয়া যে, ফটকাৰ জৰিয়তে অধিক বায়ু প্ৰদূষিত হয় , তাৰ পৰিপ্ৰেক্ষিতত দিল্লীত ফটকা ফুটুৱাৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। দেওবাৰে চহৰৰ অন্য পাৰ্শ্বৱৰ্তী ষ্টেছন বৱানা আৰু মন্দিৰ মাৰ্গত ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায় ।

Exit mobile version