সামৰণি পৰিল দুৰ্গাপূজাৰ : দেবী বিসৰ্জনত আজি মৰিয়নি নগৰত ৰাইজৰ ব্যাপক ভীৰ

dibya 8

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেবী দুৰ্গাৰ আৰাধনাৰ পিছত আজি দশমীৰ দিনা নিজম পৰিল দুৰ্গাপূজাৰ থলীসমূহ । মৰিয়নিত এইবাৰ চৰকাৰৰ আহ্বান অনুযায়ী প্ৰায় আটাইবোৰ পূজাই অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ।

মৰিয়নি নগৰতে প্ৰায় কুৰিখনকৈ পূজাৰ আয়োজন কৰা হয় যদিও ক’ভিড ১৯ ভয়াবহতাৰ পৰিপ্ৰেক্ষিতত এইবাৰ কেবাখনো পূজা অনুষ্ঠিত নহ’ল । যি কেইখনৰ আয়োজন কৰা হ’ল ততো জাকজমকতা দেখা নগ’ল । সমিতিসমূহেও প্ৰশাসনে বান্ধি দিয়া নিয়ম সমূহ পালন কৰিবলৈ চেষ্টা কৰিছিল । প্ৰায় প্ৰতিখন  পূজা সমিতিয়েই ক’ভিড১৯ প্ৰট’কল মানি চলা দেখা গ’ল ।

ইফালে,সপ্তমী আৰু অষ্টমীত মানুহৰ উপস্থিতি আছিল তেনেই সেৰেঙা । পূজাথলীসমূহ আছিল প্ৰায় শূন্য । এনেই কভিড১৯ ৰ ভয়াবহতা, তাৰ ওপৰত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে প্ৰথম দুয়োদিন পূজা চাবলৈ বুলি ওলাই অহা মানুহ পথত আৰু পূজা মণ্ডপত প্ৰায় দেখা পোৱা নগৈছিল । কিন্তু নৱমীৰ দিনা বতৰ ফৰকাল হোৱাত ৰাইজক শিলদ’ল ভাঙি ওলাই অহা দেখা গ’ল । অনুৰূপ দৃশ্য দশমীৰ দিনাও দেখা গ’ল । দুয়োদিনাই হাজাৰ হাজাৰ লোক পূজা চাবলৈ বুলি ওলাই আহিল ।

দেবী বিসৰ্জন চাবলৈ আজি মৰিয়নি নগৰত দেখা গ’ল ৰাইজৰ ব্যাপক ভীৰ । কিন্তু তাৰ অধিকাংশকেই ক’ভিড ১৯ প্ৰট’কল মানি চলা দেখা নগ’ল । মাস্ক ব্যৱহাৰ কৰিবলৈ প্ৰশাসনে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো অধিকাংশই সেই আহ্বান উপেক্ষা কৰিলে । মাস্ক ব্যৱহাৰ নকৰা লোকৰ সংখ্যা অধিক দেখা গ’ল । সামাজিক ব্যৱধান দূৰৈতে থাকিল । প্ৰশাসন আৰু আৰক্ষীয়েও এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ’ল ।

অৱশ্যে প্ৰশাসন আৰু আৰক্ষীয়ে এইবাৰ পথৰ কাষত দোকান বহোৱা আৰু মেলা বা সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰাৰ লগতে দশমীত শোভাযাত্ৰা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল । প্ৰশাসনৰ সেই নিৰ্দেশ প্ৰায় আটাইবোৰ সমিতিয়েই পালন কৰিছিল । কোনো এখন পূজাথলীতেই এইবাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নহ’ল ।

আজি বিজয়া দশমীৰ দিনাও পূজা সমিতিসমূহে কোনো শোভাযাত্ৰা বা সমদল নকৰি সাধাৰণ ভাবেই পূজাথলীৰ পৰা বিসৰ্জনথলীলৈ লৈ যায় ।

 

Exit mobile version