গঁড়ৰ খৰ্গ ব্যৱসায়ত জড়িত হোৱাৰ অভিযোগত কাজিৰঙাৰ বনকৰ্মীক গ্ৰেপ্তাৰ

assam

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ৰ স’তে জড়িত থকাৰ অভিযোগত ইতিমধ্যে কেবাজনো বনকৰ্মীক আটক কৰা হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত অস্থায়ী হাতী মাউত হিচাপে কৰ্মৰত ধনমনি ৰাভা আৰু জামছেদ আলিক গঁড়ৰ খৰ্গ ব্যৱসায়ত জড়িত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ।

ADVERTISEMENT

অভিযোগ অনুসৰি বনকর্মী দুজনে ৩ বছৰৰ আগতে দুটা গঁড়ৰ খৰ্গ পাইছিল আৰু ২.৪০ লাখ টকাত এজন লোকক বিক্ৰী কৰিছিল । এই সন্দৰ্ভত ধৃত বনকৰ্মী দুজনে অপৰাধ স্বীকাৰ কৰিছে আৰু আদালতে বন বিভাগক দুদিনৰ বাবে জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে, এই পর্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত সাতজন বনকর্মীসহ মুঠ ১৭ জন লোকক বন বিভাগে কৰায়ত্ত কৰিছে।

Exit mobile version