পাকিস্তানৰ মাদ্ৰাছাত ভয়াবহ বিস্ফোৰণ

image 1

■ পাকিস্তানৰ পেচোৱাৰ চহৰত মঙলবাৰে সংঘটিত হয় এক ভয়াবহ বোমা বিস্ফোৰণ ।
■ শিশুসহ কমেও ৭ জন লোক নিহত হোৱাৰ উপৰিও আহত হয় প্ৰায় ৭০ জন ।
■ বিস্ফোৰণ সংঘটিত হৈছিল ডেৰে কলনিৰ এক মাদ্ৰাছাত । আৰক্ষীয়ে জনোৱা অনুসৰি কোনো অজ্ঞাত লোকে মাদ্ৰাছাত বিস্ফোৰক ভৰ্তি এক প্লাষ্টিকৰ বেগ ৰাখি থৈ গৈছিল । তাৰ পিছতে বিস্ফোৰণ সংঘটিত হয়।

ADVERTISEMENT

https://twitter.com/TubaAtweets/status/1320951119225491456?s=20
■ আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্থানীয় লেডী ৰিডিং চিকিৎসালয়ৰ পৰা জনোৱা অনুসৰি ৭০ জন লোক আহত হোৱাৰ লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। লগতে কয় যে, মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৪ টা শিশুও আছিল।
■ বিস্ফোৰণ স্থলীত উদ্ধাৰ হোৱা বেগটোৰ ভিতৰত প্ৰায় ৫ কিলো ওজনৰ বিস্ফোৰক আছিল বুলি ধাৰণা কৰা হৈছে।

Exit mobile version