ফৰিদাবাদত লাভ জেহাদ, কলেজৰ সন্মুখতে যুৱতীক গুলী কৰি হত্যা

gunpoint robbery sundargarh 2

প্ৰথমে যুৱতীক জোৰ কৰি গাড়ীত তোলাৰ চেষ্টা আৰু তাৰ পিছতে গুলীয়াই হত্যা । হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ বল্লভগড়ত সোমবাৰে সংঘটিত হয় এনে এক ঘটনা । কলেজৰ শিক্ষাৰ্থীগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও বচাব নোৱাৰিলে চিকিৎসকে । ইয়াৰ পিছতে চিচিটিভি ফুটেজৰ পৰা মূল অভিযুক্ত তৌছিফক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । পৰিবাৰৰ দাবী লাভ জেহাদৰ বলি হৈছিল নিকিতা। প্ৰেমৰ প্ৰস্তাৱত সমৰ্থন নিদিয়াৰ বাবেই গুলী কৰি হত্যা কৰিছে অভিযুক্ত তৌসিফে । উক্ত ঘটনাৰ প্ৰতিবাদত ফৰিদাবাদ মথুৰাৰ পথ অৱৰোধ কৰি বিক্ষোভ প্ৰকাশ কৰে স্থানীয় বাসিন্দাই ।

এই সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে হাৰিয়ানা চৰকাৰে । ঘটনাটোৰ চিচিটিভিৰ দৃশ্যাংশ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । চিচিটিভিৰ ফুটেজত দেখা অনুসৰি, মৃত নিকিতাই অন্য এগৰাকী যুৱতীৰ লগত ৰাস্তাত গৈ আছিল । সেই সময়তে দুজন যুৱক গাড়ীৰ পৰা নামে আৰু এগৰাকীক জোৰ কৰি গাড়ীত তোলাৰ চেষ্টা চলায় । যুৱতীগৰাকীয়ে পলাবলৈ বহু চেষ্টা কৰে ।

আনহাতে, অলপ পিছতে যুৱকজনে গুলী কৰি দিয়াৰ দৃশ্য দেখিবলৈ পোৱা যায় ফুটেজ টোত । লগে লগে ঘটনাস্থলীতে বাগৰি পৰে নিকিতা । ঘটনা সংঘটিত কৰি যুৱকদুজন দৌৰি গাড়ীত উঠি পলায় । এই সন্দৰ্ভত আৰক্ষীয়ে জনায় যে, পৰীক্ষা দিবলৈ কলেজলৈ গৈছিল নিকিতা । তাৰ পৰা উভতি অহাৰ পথতে সংঘটিত হয় ঘটনাটো। নিকিতাক হস্পিতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

অভিযুক্তৰ কঠোৰ শাস্তি বিচাৰি নিকিতাৰ মাতৃয়ে কয় যে, তৌছিফক এনকাউণ্টাৰ নকৰা পর্যন্ত নিকিতাৰ মৃতদেহ দাহ কৰা নহ’ব ।

Exit mobile version