ৰাজ্যত কয়লাৰ চোৰাং বেহা অব্যাহত

IMG 20201027 WA0042

ৰাজ্যত সম্প্ৰতি অব্যাহত আছে চোৰাং কয়লাৰ বেহা। সোমবাৰে নিশা চোৰাং ভাৱে কয়লা কঢ়িয়াই অনা তিনিখনকৈ ট্ৰাক কলিয়াবৰত আৰক্ষীয়ে জব্দ কৰাৰ পাছত পোহৰলৈ আহে ন ন তথ্য । কলিয়াবৰৰ তিনিআলিত এ-এছ-০১-চিচি-৮২১৭, এ-এছ-০১চিচি-৯৩২৭ আৰু এ-এছ-০১-ডিডি-৪৭৯৭ নম্বৰৰ তিনিখন ট্ৰাক জব্দ কৰাৰ লগতে  দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ADVERTISEMENT

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বেও  কলিয়াবৰত জব্দ হৈছিল বৃহৎ পৰিমাণৰ চোৰাং কয়লা সৰবৰাহী ট্ৰাক।  প্ৰাপ্ত তথ্য মতে, চোৰাং কয়লা কঢ়িয়াই অনা ট্ৰাককেইখন গুৱাহাটীৰ পৰা ভালুকপুঙ হৈ চুবুৰীয়া ৰাজ্য অৰুণাচললৈ গৈ থকা অৱস্থাত ধৰা পেলায় আৰক্ষীয়ে। এই সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে ৬৬/২০২০ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version